• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 8:30 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ নতুন সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ মাজত পুনৰ চৰ্চালৈ আহিছে দ্বন্দ্ব। বিজেপিৰ দীৰ্ঘদিনীয়া সাংগঠনিক সংকটে স্পষ্ট কৰি দিছে যে দল আৰু সংগঠনৰ মাজত থকা মতানৈক্য কেৱল উৰাবাতৰি নহয়, বাস্তৱ।

তথাপি বৃহস্পতিবাৰে (১১ ছেপ্টেম্বৰ) ভাগৱতৰ ৭৫তম জন্মদিনত মোদীয়ে ভাগৱতৰ প্ৰতি দিয়া অভিনন্দনসূচক বাৰ্তাই ৰাজনৈতিক মহলত কৌতুহলৰ সৃষ্টি কৰিছে। ভাগৱতৰ ব্যক্তিগত দিশসমূহৰ ওপৰত আলোকপাত কৰি মোদীয়ে তেওঁক ‘আত্মীয়তাৰ বন্ধনত নেতা’ বুলি অভিহিত কৰে।

Apply Now

মোদীৰজন্মদিনৰ বাৰ্তাটো ইমানেই প্ৰশংসাৰে ভৰা যে বহুতে কৈছে যে এইটো ঠিক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান অনুষ্ঠানত দিয়া ভাষণৰ দৰেই।

ভাগৱতৰ জন্মদিনক লৈ আন এক চৰ্চাৰ বিষয় হৈছে আৰ এছ এছত ৭৫ বছৰ বয়সত অৱসৰ লোৱাৰ অঘোষিত নিয়ম। এই সন্দৰ্ভত ভাগৱতে পোনপটীয়াকৈ কয়, “আমি স্বয়ংসেৱক, দায়িত্ব দিলে আমাৰ হাতত ঘূৰাই দিয়াৰ অধিকাৰ নাই। সংগঠনটোৱে যিমান দিন বিচাৰে আমি কাম কৰিম।”

এই বক্তব্যই ইংগিত দিয়ে যে ভাগৱতে নিজকে অৱসৰৰ বাহিৰত ৰাখিব বিচাৰে। ২০২৪ চনৰ জানুৱাৰী মাহত জে পি নাড্ডাৰ কাৰ্যকাল শেষ হ’ব। কিন্তু একাধিকবাৰ বৃদ্ধিৰ পিছতো নতুন সভাপতি নিৰ্বাচিত হোৱা নাই। ইয়াৰ কাৰণ হ’ল বিজেপি আৰু আৰএছএছৰ মাজত ঐকমত্যৰ অভাৱ।

মোডী-অমিত শ্বাহে বিচাৰে তেওঁলোকৰ নিৰ্দেশনা পালন কৰা এজন সভাপতি। আনহাতে আৰ এছ এছে এনে এজন স্বতন্ত্ৰ মনোভাৱৰ নেতা বিচাৰে যিজন ‘ৰবৰ-ষ্টাম্প’ নহয় আৰু প্ৰয়োজন হ’লে মোডীৰ ব্যক্তিকেন্দ্ৰিক ৰাজনীতিক প্ৰত্যাহ্বান জনাব পাৰে।

দলৰ সংবিধান অনুসৰি কমেও ১৮খন ৰাজ্যত সভাপতিৰ নিৰ্বাচন সম্পূৰ্ণ হ’ব লাগিব। এবছৰ পলম হোৱাৰ পাছত আৰ এছ এছে হস্তক্ষেপ কৰি জ্যেষ্ঠ অথচ নিৰপেক্ষ নেতাক কেইখনমান ৰাজ্যৰ ৰাজ্যিক সভাপতি কৰি দিলে। তাত নূন্যতম চৰ্ত পূৰণ হ’লেও কেন্দ্ৰীয় সভাপতি নিৰ্বাচনৰ অচলাৱস্থাৰ অন্ত পৰা নাই।

সংঘৰ আভ্যন্তৰীণ সূত্ৰই জনোৱা মতে, সঞ্জয় যোশীৰ নাম প্ৰস্তাৱ হোৱাৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰে। যোশী দীৰ্ঘদিন ধৰি মোডীৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ আহিছে। ২০০৫ চনত ভুৱা ভিডিঅ’ কেলেংকাৰীৰ পিছত ৰাজহুৱাভাৱে পদত্যাগ কৰিলেও ২০১২ চনত মোডীৰ হেঁচাত তেওঁক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা অপসাৰণ কৰা হয়। তেতিয়াৰ পৰা আৰ এছ এছে তেওঁক পুনৰ নিযুক্তি দিবলৈ চেষ্টা চলায় যদিও মোদীয়ে প্ৰতিবাৰেই সেয়া ব্যৰ্থ কৰে।

মোডীৰ কৰ্তৃত্বক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাই পুনৰবাৰ যোশীৰ নাম প্ৰস্তাৱ কৰিছে আৰ এছ এছে। সহজ জীৱনশৈলী, শ্লীপাৰ ক্লাছত ৰেল ভ্ৰমণ আৰু সাংগঠনিক দক্ষতাৰ বাবে যোশীক সন্মান কৰা হয়। তেওঁৰ প্ৰস্তাৱিত মনোনয়ন স্পষ্টভাৱে মোদীৰ আড়ম্বৰপূৰ্ণ ব্যক্তিত্বৰ বিৰুদ্ধে এক বাৰ্তা।

কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰো নাম আছিল আৰ এছ এছৰ প্ৰিয় তালিকাত। অৱশ্যে বৰ্তমানৰ মন্ত্ৰালয়ক লৈ তেওঁ সুখী বুলি নিজেই কয়। ইয়াৰ উপৰিও ধীৰেন্দ্ৰ প্ৰধান আৰু ভূপেন্দ্ৰ যাদৱৰ নামো চৰ্চাত আছে। যদিও দুয়োজন আৰ এছ এছৰ ঘনিষ্ঠ, তথাপিও তেওঁলোক মোদী-শ্বাহৰ বিশ্বাসযোগ্য মন্ত্ৰী হোৱাৰ বাবে তেওঁলোকক নিৰপেক্ষ বুলি গণ্য কৰাটো কঠিন।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত বিজেপিৰ আসন হ্ৰাস পাইছে। এই ফলাফলে মোদীৰ প্ৰতিদ্বন্দ্বিতাহীন ভাবমূৰ্তি কিছু পৰিমাণে দুৰ্বল কৰি তুলিছে। ফলত আৰ এছ এছে অনুভৱ কৰিছে যে এই সময় বিজেপিত নিজৰ ৰাজনৈতিক আৰু সাংগঠনিক প্ৰভাৱ পুনৰ প্ৰতিষ্ঠা কৰাৰ সময়।

অৱশ্যে এই সংঘাত কিমান দূৰলৈ যাব সেয়া নিৰ্ভৰ কৰে সভাপতি নিৰ্বাচনৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত। পৰৱৰ্তী বিহাৰ নিৰ্বাচনৰ পূৰ্বে সভাপতি নিৰ্বাচনৰ সম্ভাৱনা আছে। আৰ এছ এছে বিচাৰে ‘নিজৰ এজন’ – যি ভৱিষ্যতে মোদীৰ উত্তৰাধিকাৰী হিচাপেও আত্মপ্ৰকাশ কৰিব পাৰে।

বিজেপিৰ সভাপতি নিৰ্বাচন এতিয়া কেৱল সাংগঠনিক প্ৰক্ৰিয়া নহয়, পাৰিবাৰিক যুঁজ। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁৰ সিদ্ধান্ত সদায় চূড়ান্ত। কিন্তু আৰ এছ এছে এইবাৰ আন কিবা এটাহে চিন্তা কৰিছে। আপোচ হ’ব নে নহয়, সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন। অৱশ্যে ৰাজনৈতিক মহলৰ মতামত হ’ল এই যুঁজখন এটা পক্ষই জয়ী হ’লেই শেষ হ’ব – হয় মোদী-শ্বাহ নহয় আৰ এছ এছ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd