খাদ্যৰ অভাৱত চিৰিয়াখানাত জীৱ-জন্তুৰ মৃত্যু : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ তদন্ত ঘোষণা

entrance-of-assam-state-zoo-570x320

অসম ৰাজ্যিক চিৰিয়াখানাত খাদ্যৰ অভাৱত জীৱ-জন্তুৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কত বন বিভাগৰ জৰিয়তে তদন্তৰ ব্যৱস্তা কৰিব বুলি জনায় বন মন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কত বন বিভাগৰ প্ৰধান সচিবক তদন্ত কৰাৰ বাবে নিৰ্দেশ দিব বুলি জনায়।

উল্লেখ্য যে যোৱা ২৯ মাৰ্চত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা এক প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই জনাইছিল যে অসম ৰাজ্যিক চিৰিয়াখানাত ২০১১ চনৰ পৰা ২০১৮ চন পৰ্যন্ত ৩০৬টা জীৱ-জন্তুৰ মৃত্যু হৈছে। কালি সদনৰ মজিয়াত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চিৰিয়াখানাত মৃত্যু হোৱা জীৱ-জন্তুৰ এই সংখ্যা আশ্চর্যজনক বুলি মন্তব্য কৰে।

বিধায়কগৰাকীয়ে লগতে কয় যে চিৰিয়াখানা কৰ্তৃপক্ষৰ হেমাহিৰ ফলত তথা খাদ্যৰ অভাৱত বহুতো জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আনহাতে নিশাচৰ প্ৰাণীৰ বাবে নিৰ্মাণ কৰা বৃহৎ ভৱনটো বিজ্ঞানসন্মত নোহোৱাৰ ফলতো বহুকেইটা জীৱ-জন্তুৰ মৃত্যু হোৱাৰ উপৰি ভৱনটো জহি-খহি যাবলৈ ধৰা বুলিও সদৰী কৰে।

ইয়াৰ উপৰি চিৰিয়াখানাৰ চৌহদৰ ভিতৰত লেডিজ ক্লাব গঠন হোৱাৰ ফলত বৃহৎসংখ্যক যান-বাহনৰ চলাচলৰ বাবে জীৱ-জন্তুৰ অসুবিধা হোৱা বুলিও অভিযোগ কৰে বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীয়ে কৰা অভিযোগৰ উত্তৰ দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শীঘ্ৰে তদন্তৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে। এই তদন্তই নিশাচৰ প্ৰাণীৰ বাবে নিৰ্মিত ভৱনটোকো সাঙুৰি ল’ব বুলি জানিবলৈ দিয়ে।