যোৱা ৮ টা বছৰত অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু হৈছে মুঠ ৩০৬ টা পশু-পক্ষীৰ। অসম বিধানসভাত ২৯ মাৰ্চ বৃ্হস্পতিবাৰে এই কথা জনায় বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই।
২০১১ চনত ৩৫ টা পশু-পক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে ২০১২ চনত ৩১ টা, ২০১৩ চনত ৩৫ টা, ২০১৪ চনত ৬৯ টা, ২০১৫ চনত ৪৪ টা, ২০১৬ চনত ২০ টা, ২০১৭ চনত ৩৮ টা আৰু ২০১৮ চনত ৩৪ টা পশু-পক্ষীৰ মৃত্যু হৈছে।
এই পশু-পক্ষীবোৰৰ ভিতৰত ৪২ টাৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱাৰ বিপৰীতে বেমাৰত ২৫১ টা আৰু ৫ টাৰ অজান ৰোগত মৃত্যু হৈছে।
চিৰিয়াখানাৰ পশু-পক্ষীক পঁচা মাংস আৰু নিম্ন মানৰ খাদ্য দিয়া বুলিও চিৰিয়াখানাখনৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ উঠি আহিছে।
আনহাতে এই সময়চোৱাত ৰাজ্যিক চিৰিয়াখানাখনক ৩০ কোটিতকৈ অধিক টকা আবণ্টন দিছে অসম চৰকাৰে। ২০১১-১২ বিত্তীয় বৰ্ষত ৩০৪.৫৫ লাখ, ২০১২-১৩ বৰ্ষত ৩১০.৫৫ লাখ, ২০১৩-১৪ বৰ্ষত ৪৬২.৬৫ লাখ, ২০১৪-১৫ বৰ্ষত ৩৪৩.১৯ লাখ, ২০১৫-১৬ বৰ্ষত ৪৯৫.৫৪ লাখ, ২০১৬-১৭ বৰ্ষত ৫০০.০০ লাখ আৰু ২০১৭-১৮ বৰ্ষত ৫৩০.০০ লাখ টকা চিৰিয়াখানা কৰ্তৃপক্ষই অসম চৰকাৰৰ পৰা লাভ কৰিছে।