‘খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দিশৰ পৰা অসমত ভূমি আইন সংশোধনৰ প্ৰয়োজনীয়তা’ : তেজপুৰ আইন মহাবিদ্যালয়ত আয়োজন আলোচনা চক্ৰ

Principal Dr Bhuban Chandra Barooah and Dulumoni Nath and Dr. Jupitara devi officials in the Press meet at Tezpur Law college

সংবাদ মেল

তেজপুৰ আইন মহাবিদ্যালয়ে ‘খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰৰ দিশৰ পৰা অসমত ভূমি আইনসমূহৰ সংশোধনৰ প্ৰয়োজনীয়তা’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰিছে অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰিত।

আজি এক সংবাদ মেলত এই কথা জনাই আয়োজক সমিতিৰ মুখ্য সমন্বয়ক তথা তেজপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভুৱন চন্দ্ৰ বৰুৱাই।

বৰুৱাই কয় যে বৃটিচপ্ৰণীত অসম ভূমি আৰু ৰাজহ অধিনিয়ম ১৮৮৬ অসমৰ ভূমি সম্বন্ধীয় অধিকাৰ নিৰ্ণয়ৰ ক্ষেত্ৰত আজিও প্ৰযোজ্য হৈ আছে।

স্বাধীন ভাৰতত অসম চৰকাৰে বৃটিচপ্ৰণীত উক্ত আইনখনৰ পৰিপূৰক হিচাপে আজিলৈকে কেবাটাও সংশোধনী আনিছে। কিন্তু এই আইনবোৰে অসমৰ ভূমিৰ বিভিন্ন ধৰণ আৰু সমস্যাসমূহক সামৰি ল’ব পৰা নাই।

এই আইনসমূহৰ উপৰি অসম চৰকাৰে এতিয়ালৈকে তিনিবাৰ ভূমি নীতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি সংবাদ মেলখনত কোৱা হয় যে ইয়াৰে অন্তিমটো ভূমি নীতি ১৯৮৯ চনত গ্ৰহণ কৰা হৈছিল আৰু ই এতিয়াও প্ৰযোজ্য হৈ আছে।

আলোচনা চক্ৰখনত অসমৰ খিলঞ্জীয়া লোকসকলৰ বিশেষ প্ৰসংগেৰে ভূমিৰ অধিকাৰ বিষয়টোকো সামৰি আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ সম্পৰ্কীয় আন্তঃ ৰাষ্ট্ৰীয় দলিল/ চুক্তি সম্পৰ্কে আলোচনা হ’ব।

বৰুৱাই লগতে জনাই যে আলোচনাৰ অন্য এটা প্ৰধান বিষয় হ’ব ভাৰতৰ সংবিধান প্ৰদত্ত ভূমি অধিকাৰ, খিলঞ্জীয়া লোক আৰু সম্পদৰ সুৰক্ষাৰ বাবে ইতিমধ্যে থকা আইনসমূহৰ সংশোধন আৰু নতুন আইন গ্ৰহণ।

বৃ্হৎ নদীবান্ধ আৰু অসমত চলি থকা উন্নয়নমূলক কামসমূহৰ বিশেষ প্ৰসংগেৰে বহনক্ষম উন্নয়নৰ দৃষ্টিভংগীৰে আৰু জৈৱ বৈচিত্ৰ্যতা আৰু পৰিৱেশৰ ভাৰসাম্যতা আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ মানৱ অধিকাৰৰ সুৰক্ষাৰ বাবে অসমত ভূমি সংস্কাৰ আলোচিত হ’ব লগা এটা অন্যতম বিষয় বুলি বৰুৱাই উল্লেখ কৰে।

অসমত বিদ্যমান ভূমি বিবাদসমূহৰ পৰিপ্ৰেক্ষিতত জনগোষ্ঠীয় সংকট/ সংঘৰ্ষ আৰু নগৰীয়া অঞ্চল, জনজাতি বে’ল্ত আৰু বন ভূমিত অকৰ্তৃত্বশীল ভূমি দখল সম্পৰ্কেও গৱেষণা পত্ৰ পঠিত হ’ব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশ আৰু অসমৰ মহাধিবক্তা ক্ৰমে নিলয় দত্ত আৰু ৰমেশ বৰপাত্ৰগোহাঁই আৰু মুখ্য মন্ত্ৰীৰ আইনী পৰামৰ্শদাতা শান্তনু ভৰালী আলোচনা চক্ৰখনৰ প্ৰথম দিনা উপস্থিত থাকিব।