NORTHEAST NOW (Assamese)

খোদ মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীতে গ্ৰামোন্নয়ন আঁচনি ৰূপায়ণত অনিয়ম

April 3, 2018 9:02 pm · মিটু খাটনিয়াৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত মাজুলী জিলাৰ দুয়োটা উন্নয়ন খণ্ডত ৰূপায়ণ কৰি অহা গ্ৰামোন্নয়ন আঁচনি সমূহৰ অগ্ৰগতি অতি নিৰাশাজনক হৈ পৰিছে ।

এই বিষয়ত আজি গড়মূৰত থকা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

বৈঠকত জিলাখনৰ মাজুলী আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০ খন গাঁওপঞ্চাতৰ হাতত লোৱা এম জি এনৰেগা, প্ৰধান মন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ শিতানৰ আঁচনিসমূহৰ ৰূপায়ণ কাৰ্যৰ পৰ্যালোচনা কৰা হয় ।

পঞ্চায়তৰ সচিব সকলক লৈ অনুষ্ঠিত কৰা উক্ত বৈঠকখনত গুৰুত্বপূৰ্ণ আঁচনি সমূহৰ ৰূপায়ণৰ কাম মুঠেই সন্তোষজনক নোহোৱাৰ বাবে উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সংশ্লিষ্ট জে ই, জি আৰ এচ আৰু পঞ্চায়ত সচিব সকলক জবাবদিহি কৰে ।

ইয়াৰোপৰি আঁচনিসমূহৰ ক্ষেত্ৰত অনাদায় হৈ থকা জবকাৰ্ড হিতাধিকাৰী সকলৰ ধন তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ।

Related News