গুৱাহাটীত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ পিছত দেশৰ লগতে বিদেশৰো বিনিয়োগকাৰী অসমত বিনিয়োগৰ বাবে আগ্ৰহী হৈ উঠিছে বুলি দাবী কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহে নিজ নিজ এলেকাত বিনিয়োগৰ ইতিবাচক পৰিৱেশ সৃষ্টি কৰি এই সুবিধা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰিছে।
ৰাজ্যৰ ৬ খন স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ সৈতে আজি ৩ এপ্ৰিলত অনুষ্ঠিত এক বৈঠকত এই দিহা দিছে মুখ্য মন্ত্ৰীয়ে। বৈঠকত ঠেঙাল কছাৰী, মিছিং, সোণোৱাল কছাৰী, ৰাভা হাচং, তিৱা আৰু দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহীসকলে ভাগ লয়।
জৈৱিক খেতিত বিনিয়োগ কৰিব খোজা বিনিয়োগকাৰীক আকৰ্ষিত কৰিব পৰাকৈ ভূমি চিনাক্তকৰণৰ বাবেও মুখ্য মন্ত্ৰীয়ে সদস্যসকলক নিৰ্দেশ দি্য়ে। তাৰোপৰি পৰিষদসমূহৰ অধীন এলেকাত পৰ্য্যটন বৃদ্ধিৰ সম্ভাৱনা বিকশাই তোলাৰ বাবে প্ৰস্তাৱ প্ৰস্তুত কৰিবৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
জনগোষ্ঠীসমূহৰ সংস্কৃতি আৰু লোক-কলা সংৰক্ষণৰ বাবে পদক্ষেপ ল’বৰ বাবে সদস্যসকলক নিৰ্দেশ দি মুখ্য মন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটীৰ ওচৰৰ ৰাণীত নিৰ্মাণ হ’ব লগা সহোদৰ সমন্বয় ক্ষেত্ৰই জনজাতীয় সমাজৰ সাংস্কৃতিক সমলসমূহ প্ৰদৰ্শনৰ বাবে এক সংহত মঞ্চ প্ৰদান কৰিব। তাৰোপৰি শদিয়াত নিৰ্মাণ হ’ব লগা একতা ভৱনেও ৰাজ্যৰ জনগোষ্ঠীসমূহক সাংস্কৃতিক সমন্বয় আৰু বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি মুখ্য মন্ত্ৰীয়ে মত প্ৰকাশ কৰে।