NORTHEAST NOW (Assamese)

খোৱাপানীৰ যোগান নাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ভাৰত-ভূটান সীমান্তৰ গাওঁবাসীৰ

February 22, 2018 10:43 pm · চাজিদ খান
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাঁৱৰ ৰাইজে প্ৰতিবাদ জনোৱাৰ মুহূৰ্ত

উপযুক্ত খোৱা পানীৰ নাটনিৰ বাবে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ কালিখোলা গাওঁৰ বাসিন্দা সকলে অসম চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

গাওঁবাসীয়ে হাতে হাতে প্লে’কাৰ্ড লৈ আৰু শ্ল’গান দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে। উল্লেখ্য যে মন্ত্ৰী ৰিহন দৈমাৰীৰ ঘৰ ওদালগুৰি জিলাত।

ডেকা আৰু বয়সীয়া সকলোধৰণৰ প্ৰতিবাদকাৰীসকলে পানীৰ পাত্ৰ হাতত লৈ বৃহস্পতিবাৰে বৃহৎ সংখ্যাত ওলাই আহে আৰু গাওঁবাসীৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ প্ৰতিবাদ কৰে। বাসিন্দাসকলে চৰকাৰক গাওঁবাসীৰ বাবে উপযুক্ত খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

পানেৰী বিধানসভা সমষ্টি আৰু বিটিচিৰ ননৈ ছাৰফাং সমষ্টিৰ অন্তৰ্গত কালিখোলা গাঁৱত জানিব পৰা মতে খোৱাপানী যোগানৰ এখন আঁচনি আগবঢ়োৱা হৈছিল যদিও মাত্ৰ চাৰিদিন চলাৰ পিছত বিগত ছয় মাহ ধৰি বিকল হৈ পৰি আছে।

স্থানীয় লোকসকলে জনায় যে খোৱা পানী যোগান আঁচনিটো টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ অধীনত পৰে আৰু ইয়াৰ চোৱাচিতাৰ ভাৰ এই কাৰ্যালয়টোৰ ওপৰতে আছে।

গাঁৱবাসীয়ে  অভিযোগ কৰে যে কালিখোলা গাওঁৰ ৰাইজে পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক কমলী বসুমতাৰী আৰু নবাই ছাৰফাঙৰ এমচিএমএলএ সুৰেশ তাঁতীৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ বাৰে বাৰে আবেদন জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিলে।

গাঁৱবাসীয়ে অভিযোগ কৰে যে পানী যোগান আঁচনিখন কাৰ্যক্ষম নোহোৱাৰ কাৰণ হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ অৱহেলা। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰিহন দৈমাৰীৰ গৃহ জিলাত পানী যোগান আঁচনিৰ এনে দুৰাৱস্থাই সচেতন মহলৰ চকু কপালত উঠিছে।

 

 

Related News