গুৱাহাটীৰ হাতীগাঁৱত ২১ ফেব্ৰুৱাৰীৰ দিনা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ব্যৱসায়ী হেমন্ত চৌচাৰিয়াৰ বিষয়টোক লৈ কংগ্ৰেছে বৃহস্পতিবাৰে বিধানসভাত সভাস্থগিত প্ৰস্তাৱ আনিব বিচাৰিছিল যদিও অধ্যক্ষই সেয়া নাকচ কৰে।
কংগ্ৰেছে উক্ত হত্যাকাণ্ডৰ বিষয়টো উত্থাপন কৰি ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি ক’ব বিচাৰে আৰু বিধানসভাত আৱেদনৰ জৰিয়তে সভাস্থগিত প্ৰস্তাৱ অনাৰ চেষ্টা কৰে।
বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে সভা স্থগিত প্ৰস্তাৱ সম্পৰ্কত ৰুলিং প্ৰদান নকৰাৰ বাবে কংগ্ৰেছৰ সকলো সদস্যই সদন ত্যাগ কৰে।
বিধানসভাৰ প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে কয় যে বিধানসভাৰ ৫৬ নং নিয়মাৱলীৰ অধীনত এখন জাননী দিয়া হৈছিল। এই নিয়মৰ অধীনত সভা স্থগিত কৰিব লাগে।
অধ্যক্ষই প্ৰশ্নোত্তৰ কালত নহ’ব বুলি কোৱাত কংগ্ৰেছ সদস্যসকল শান্ত হৈ পৰে আৰু ১০-৩০ বজালৈ প্ৰশ্নোত্তৰ কাল চলে। কিন্তু প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতে অধ্যক্ষই সদনৰ শূন্যকাল আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে কংগ্ৰছৰ সদস্যসকলে পুনৰ সভা স্থগিত ৰখাৰ দাবী কৰে।
অধ্যক্ষ গোস্বামীয়ে শূন্য কালতো কোনো ৰুলিং দিবলৈ অস্বীকাৰ কৰাত কংগ্ৰেছৰ সদস্যসকলে ক্ষুব্ধ হৈ প্ৰতিবাদৰ মাজেৰে সদন ত্যাগ কৰে।
দিনৰ ১১-৩০ বজাত শূন্যকাল সমাপ্ত হোৱাৰ পিছত অধ্যক্ষই কংগ্ৰছৰ জাননীখন সম্পৰ্কত ৰুলিং দিয়ে। অধ্যক্ষই বিধানসভাৰ ৫৬ নং নিয়মাৱলীৰ অধীনত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ চূড়ান্ত অৱনতি হোৱা বুলি কৈ সভা স্থগিত প্ৰস্তাৱৰ আবেদন জনোৱাৰ কথা স্বীকাৰ কৰি কয় যে ৰাজ্যখনৰ আইন-শংখলা পৰিস্থিতি ভাগি পৰা নাই। সেয়েহে তেওঁ এই প্ৰস্তাৱ নাকচ কৰিছে।