গঁড় হত্যা ৰোধৰ সজাগতা সৃষ্টিৰ লক্ষৰে ৩২ খন চহৰৰ মাজেৰে চাইকেল যাত্ৰা অসমৰ পেৰা-চাক্লিষ্টৰ

গঁড় হত্যাৰ সজাগতা সৃষ্টিৰ চেষ্টা পেৰা-চাক্লিষ্ট ৰাকেশ বণিকৰ।

পাঁচ বছৰৰ আগতে হোৱা এটা দুৰ্ঘটনা সোঁভৰিটো হেৰুৱাইছিল ৰাকেশ বনিক নামৰ নগাৱঁৰ কলিয়াবৰৰ আমবাগানৰ যুৱকজনে। কিন্তু সেই দুৰ্ঘটনাৰ ক্ষতিৰ পিছতো তেওঁ নিজকে অন্যভাৱে সক্ষম কৰি তুলিলে এনেকুৱা পৰ্য্যায়লৈকে যে এদিন তেওঁ দেশৰ ভিতৰতে এজন আগ শাৰীৰ পেৰা-চাক্লিষ্ট হৈ পৰিল। আৰু এই ব্যক্তিগত সাফল্যৰ লগতে তেওঁৰ কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হৈছে সামাজিক দায়বদ্ধতাৰ কাৰ্য্যসূচীও। দেওবাৰে (২৪ ডিচেম্বৰ, ২০১৭) তেওঁ থাইলেণ্ডৰ বেংককৰ পৰা আৰম্ভ কৰিছে ৩,৫০০ কিলোমিটাৰৰ চাইকেল যাত্ৰা, যাৰ আঁৰত আছে অসমৰ বিশ্বখ্যাত এশিঙীয়া গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্য। থাইলেণ্ডৰ পৰা তেওঁৰ এই যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত এইবাবেই যে গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ মূল পথবোৰৰ এটা হ’ল থাইলেণ্ড। ৩১ বছৰীয়া যুৱকজনে জনোৱামতে তেওঁ থাইলেণ্ড, ম্যানমাৰ, ভাৰতৰ মুঠ ৩২ খন চহৰ ভ্ৰমণ কৰিব আৰু অসমৰ গুৱাহাটীত সমাপ্তি ঘটাব।

‘গঁড় হ’ল অসমৰ গৌৰৱ। কিন্তু আমি প্ৰতি বছৰে কিমানটা যে গঁড়ৰ মৃত্যু চাব লগীয়া হয়।’ ৰাকেশে কয়। তেওঁ গঁড়ৰ খৰ্গৰ চোৰাং কাৰবাৰৰ সৈতে থাইলেণ্ডৰ নাম সঙোৰ খাই থকা বাবেই বেংককৰ পৰা নিযৰ অভিযান আৰম্ভ কৰা বুলিও কয়।

উল্লেখযোগ্য যে অসমত গঁড়ৰ হত্যা এটা বৃহৎ পৰিৱেশজনিত সমস্যা। গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দুখ লগাকৈ ব্যৰ্থ হৈ আহিছে। তথ্যমতে ২০০১ চনৰ পৰা ২৫০ টাতকৈ অধিক গঁড় খৰ্গৰ বাবেই চোৰাং চিকাৰীৰ হাতত নিহত হৈছে।

তেওঁ বেংককত থকা ভাৰতীয় দূতাৱাসৰ পৰা চাইকেল চলোৱা আৰম্ভ কৰি উত্তৰ দিশত ৮২ কিলোমিটাৰ সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে তেওঁ মেই ছটৰ মাজেৰে ম্যানাৰত প্ৰৱেশ কৰাৰ কথা। ম্যানমাৰৰ পৰা তেওঁ তামু হৈ ভাৰতত প্ৰৱেশ কৰিব।

জানিব পৰা মতে যোৱ বছৰ, অৰ্থাৎ ২০১৬ চনত তেওঁ নতুন দিল্লীস্থিত ইণ্ডিয়া গেইটলৈকে চাইকেল চলাই গৈছিল, উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰক অসমৰ বানত আক্ৰান্তসকললৈ বিত্তীয় সাহায্যৰ হাত আগ বঢ়াবলৈ অনুৰোধ কৰা।