NORTHEAST NOW (Assamese)

গড়ঁৰ চোৰাং চিকাৰ প্ৰতিৰোধৰ প্ৰচেষ্টা : গোলাঘাট আৰক্ষীক আৰণ্যকৰ মটৰ চাইকেল প্ৰদান

July 30, 2018 8:38 am · উত্তম শইকীয়া
Updated: July 30, 2018 8:55 am

অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ তৰফৰ পৰা গোলাঘাট আৰক্ষীক দেওবাৰে দুখন মটৰ চাইকেল প্ৰদান কৰে ৷ এই উপলক্ষে কাজিঙাত থকা আৰক্ষীৰ অতিথি গৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে বাজাজ ভি – ১৫ দুখন বাইক আনুষ্ঠানিকভাৱে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ হাতত অৰ্পণ কৰে ৷

আৰণ্যকৰ দ্বাৰা প্ৰদান কৰা এই দুখন মটৰ চাইকেল কজিৰঙাৰ গড়ঁ চোৰাংচিকাৰ ৰোধৰ কামত ব্যৱহাৰ কৰা হ’ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰণ্যকৰ তৰফৰ পৰা আৰু দুখন মটৰ চাইকেল আৰু এটা স্নিফাৰ ডগ গোলাঘাট আৰক্ষীক প্ৰদান কৰিছিল ৷ এই মটৰ চাইকেল দুখন আৰু স্নিফাৰ ডগটো সম্প্ৰতি গোলাঘাট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰি আছে ৷

দেওবাৰৰ অনুষ্ঠানত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়া, গোলাঘাট জিলাৰ অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু আৰণ্যকৰ মানস ভট্টাচাৰ্য, আৰিফ হোছেইন, নিৰঞ্জন ভূঞা আৰু নিৰেণ সিং উৰস্থিত থাকে ৷

Related News