ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱাল্লাই দল ত্যাগ কৰিছে। বাতৰি অনুসৰি ব্যক্তিগত কাৰণত বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ পূনাৱাল্লাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।
সূত্ৰ অনুসৰি পুনাৱাল্লাই পদত্যাগ পত্ৰত ব্যক্তিগত কাৰণত দলৰ পৰা অৱসৰ লোৱা বুলি উল্লেখ কৰিছে। অৱশ্যে এতিয়ালৈকে বিজেপিয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
শ্বেহজাদে নিজৰ এক্স হেণ্ডেলত নিজৰ প্ৰফাইলৰ বায়’ও আপডেট কৰিছে। প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত এইগৰাকী নেতাৰ বায়’ত বিজেপিৰ কথা উল্লেখ নাই। তাত পুনাৱাল্লাই নিজকে প্ৰধানমন্ত্ৰীৰ ‘আজীৱন অনুগামী’ বুলি উল্লেখ কৰিছে।
৩৮ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে বৃহস্পতিবাৰে নিজৰ এক্স হেণ্ডেলত চিএনএন-নিউজ ১৮ৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰে। সেই সাক্ষাৎকাৰত তেওঁ কোৱা শুনা যায়, ‘মই ১৮-১৯ বছৰ ধৰি প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হৈ আছো। মই ভাবো মই যিমানদূৰ বিচাৰিছিলো সিমান দূৰলৈকে গৈছো। ২০২৪ চনত যেতিয়া নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয়, তেতিয়াই মই সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা ভাবিছিলোঁ।’
ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ হোৱা বিবাদৰ বাবে ২০১৭ চনত পুনাৱাল্লাই কংগ্ৰেছ ত্যাগ কৰিছিল। ইয়াৰ পিছত তেওঁ বিজেপিত যোগদান কৰে। শ্বেহজাদ পেছাত এজন অধিবক্তা আৰু নাগৰিক অধিকাৰ কৰ্মী। সেই সময়ত তেওঁক দলে ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে ঘোষণা কৰিছিল। ৰাহুল গান্ধীক দলৰ ভিতৰত অত্যধিক পৃষ্ঠপোষকতা কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰিছিল পুনৱাল্লাই।





