NORTHEAST NOW (Assamese)

গড়মূৰ-লাকুৱা সংযোগী পথ মেৰামতিৰ দাবীত লাকুৱাত দল-সংগঠনৰ পথ অৱৰোধ

June 28, 2018 4:25 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

চৰাইদেউৰ গড়মূৰ–লাকুৱা সংযোগী পথ মেৰামতিৰ দাবীত আজি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে চটাইছিগাত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আহোম জাতীয় গণ মঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, লাকুৱা ডেভেল’পমেণ্ট কমিটীৰ লগতে লাকুৱাৰ প্ৰায় সকলো সংগঠনে প্ৰতিবাদত অংশ গ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে অ’ এন জি চি আৰু গড়কাপ্তানি বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰে।

উল্লেখযোগ্য যে লাকুৱাৰ ঐতিহাসিক ৰাজগড় পথটোত প্ৰকাণ্ড প্ৰকাণ্ড দ গাঁত সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত নৰক যান্ত্ৰণা ভুগি আহিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বৃহত্তৰ লাকুৱাবাসীয়ে।

যাৰ ফলত আজি স্থানীয় দল সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজগড় পথ অৱৰোধ কৰি ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰীৰ লগতে অ’ এন জি চিৰ পুত্তলিকা দাহ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

দীৰ্ঘদিন ধৰি অ’এন জি চিক লকুৱাবাসীয়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই অহাৰ পিছতো অ’এন জি চিয়ে এই ক্ষেত্ৰত মুঠেও গুৰুত্ব দিয়া নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

Related News