গণতন্ত্ৰ দিৱসৰ প্ৰাক্ মুহূৰ্তত বিদ্ৰোহীৰ কূটাঘাতৰ বাবে সাজু অসম আৰক্ষী

আগন্তুক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰাক্ মুহূৰ্তত বিদ্ৰোহীৰ কূটাঘাতৰ আশংকাত সষ্টম হৈ উঠিছে অসম আৰক্ষী। চুবুৰীয়া ৰাজ্যত বাহৰ পাতি থাকি অসমত কূটাঘাত সংঘটিত কৰাৰ সম্ভাৱনাকলৈ অসম আৰক্ষীয়ে চিন্তা ব্যক্ত কৰিছে।

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ে জানিব দিয়া মতে অসমৰ পৰা নহয়, এতিয়া ভাবুকি অৰুণাচল আৰু নাগালেণ্ডৰ পৰাহে আহিছে। সহায়ে অৱশ্যে পৰিস্থিত বৰ্তমান উন্নত হোৱা বুলি কয়।

অসম আৰক্ষীৰ বাবে এনে চিন্তাৰ  উদ্ভৱ হোৱাৰ কাৰণ অৱশ্যে মঙলবাৰে অসম অৰুণাচল সীমান্তৰ নামচিকত এনএছচিএন (কে) ৰ এছ এছ খাপলাং ফৈদে ৯খনকৈ টেংকাৰ ভৰ্তি খাৰুৱা তেলৰ গাড়ী জ্বলাই দিয়াৰ ঘটনা।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰসমূহৰ মতে গণতন্ত্ৰ দিৱসৰ উদযাপনৰ মাজতে বিদ্ৰোহীয়ে উজনি অসমৰ তিনিচুকীয়া জিলাত একেধৰণৰ আক্ৰমণ চলোৱাৰ সম্ভাৱনা আছে।

আৰক্ষী সঞ্চালক প্ৰধান সহায়ে কয় যে কেইবাটাও বিদ্ৰোহী গোটে চুবুৰীয়া ৰাজ্যত আশ্ৰয় লৈ আছে আৰু ই হৈছে ৰাজ্যখনৰ বাবে প্ৰধান ভাবুকি। অৱশ্যে তেওঁ কয় যে আৰক্ষীৰ বাবে গণতন্ত্ৰ দিৱস উদযাপনৰ দৰে মুহূৰ্তত এনেধৰণৰ প্ৰত্যাহ্বান সদায় আছে। ‘’ তেওঁলোকৰ স্থিতি প্ৰকাশ কৰিবলৈ সমস্যা সৃষ্টি কৰাৰ প্ৰয়াস চলাই আছে। সেয়ে আমি সেই বিষয়ত কাম কৰি আছো আৰু অৰুণাচল তথা নাগালেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ চেষ্টা কৰি আছো। আমাৰ অতিৰিক্ত সঞ্চালক প্ৰধানে তিনিচুকীয়াত বাহৰ পাতি তদাৰক কৰি আছে।‘’

বিদ্ৰোহীসকলে অৰুণাচল প্ৰদেশৰ চাৰিখন জিলাৰ নিৰ্দিষ্ট পথসমূহ ম্যানমাৰৰ পৰা অহা যোৱাৰ বাবে ব্যৱহাৰ কৰি আহিছে। অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চলত বিদ্ৰোহীসকলৰ বিৰুদ্ধে ব্যাপক অভিযান চলি আছে।

অৰণাচল প্ৰদেশ আৰু নাগলেণ্ডৰ সৈতে ম্যানমাৰৰ সীমান্ত অঞ্চল পৰিছে আৰু কেইবাটাও বিদ্ৰোহী গোটে চুবুৰীয়া দেশখনত শিবিৰ পাতি আছে। অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম,অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড চৰকাৰৰ লগতে আন সুৰক্ষা সংস্থাসমূহক এই ৰাজ্যকেইখনত বিদ্ৰোহীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ নিৰ্দেশ দিছিল।

ইয়াৰ মাজতে অসম আৰক্ষীয়ে গণতন্ত্ৰ দিৱসৰ প্ৰাক্ মুহূৰ্তত ৰাজ্যৰ সকলো আৰক্ষী বিষয়া তথা চোৰাংচোৱা বিভাগক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে।