NORTHEAST NOW (Assamese)

গহপুৰত গাৰুৰে হেঁচি পিতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া সন্তানক; অৱশেষত পিতৃয়েও বাছি ল’লে চৰম পন্থা

November 8, 2024 12:52 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

মৰ্মান্তিক! অসমৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙী অঞ্চলত সংঘটিত হৈছে এক পাশৱিকক ঘটনা। মানৱ সমাজক কলংকিত কৰি নিজ ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যা কৰিলে পিতৃয়ে। জানিব পৰা তথ্য অনুসৰি- সোলেঙীস্থিত এপল’ কোম্পানীৰ এটি টায়াৰ ডিলাৰৰ স্বত্বাধিকাৰী চিদানন্দ শইকীয়াৰ পুত্ৰ মৃগাংক শইকীয়াই কালি বিয়লি প্ৰায় ৪ বজাত তেওঁৰ পুত্ৰ আয়ুস্মান(৮)ক ডিঙি চেপি হত্যা কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হত্যাকাণ্ডটো সংঘটিত কৰাৰ সময়ত প্ৰয়াত আয়ুস্মান আৰু পিতৃহে ঘৰত আছিল। আয়ুস্মানৰ মাতৃ আৰু ককাক-আইতাক সেই সময়ত ঘৰত নাছিল। ঘটনাটো সংঘটিত কৰি পুত্ৰক বিছনাত পেলাই থৈ পিতৃ মৃগাংক বাৰান্দাত বহি আছিল। কিছু দিন পূৰ্বে আয়ুস্মানৰ এখন কাণৰ এটা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱা বাবে সন্ধিয়া প্ৰায় ৫ বজাত মৃগাংকৰ বায়েক-ভিনিহিয়েক আহিছিল আয়ুস্মানৰ খবৰ ল’বলৈ আহিছিল৷

ঘটনাক্ৰমে আয়ুস্মানৰ খবৰ ল’বলৈ অহা বায়েক-ভিনিহিয়েকক আয়ুস্মান বিচনাত শুই আছে বুলি কৈ তেওঁলোকক ভিতৰলৈ যোৱাত বাধা দিছিল মৃগাংকই। মৃগাংকৰ কথা মতে বায়েক ভিনিহিয়েক ভিতৰলৈ সোমোৱা নাছিল যদিও তেনে সময়তে মৃগাংকৰ পত্নী আহি ঘৰ পোৱাত পত্নী ভিতৰলৈ সোমাই যায়। পত্নী সোমাই যোৱাৰ সমান্তৰালভাৱে মৃগাংকই ঘৰৰ পৰা পলায়ন কৰে। মৃগাংকৰ পত্নী শোৱনী কোঠালৈ সোমাই গৈ দেখে যে বিচনাত নিথৰ হৈ পৰি আছে পুত্ৰ আয়ুস্মানৰ নশ্বৰ দেহ।

সেই অৱস্থাৰে বায়েক-ভিনিহিয়েকে আয়ুস্মানক ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । ইয়াৰ পাছতে হুৱাদুৱা লাগে ঘৰখনত।

শোৱনী কোঠাৰ বিচনাত মাতৃ ৰশ্মিয়ে পুত্ৰৰ নিথৰ দেহ উদ্ধাৰ কৰাৰ পাছত হুৱাদুৱা লাগে চিদানন্দ শইকীয়াৰ ঘৰখনৰ লগতে সমগ্ৰ সোলেঙী অঞ্চলত। পাছত ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হয়। পাষাণ পিতৃৰ হাতত প্ৰাণ যোৱা আয়ুস্মানৰ মৃত্যুৰ বতৰাই শোকাচ্ছন্ন কৰি তোলে সমগ্ৰ সোলেঙী অঞ্চলক। জানিব পৰা মতে স্থানীয় আইডেল একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্র আছিল মৃত আয়ুস্মান শইকীয়া।

কিন্তু আজি অৰ্থাৎ শুক্ৰবাৰে পিতৃ মৃগাংক শইকীয়াই পুৱাই চিপজৰী লৈ চৰম পন্থা গ্ৰহণ কৰে। ঘটনাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে গহপুৰত। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছেগৈ। গহপুৰ বৰিগাৱঁৰ নন্দ বিশ্বাস নামৰ লোকজনৰ ঘৰৰ চাদৰ ওপৰত চিপজৰী লৈ থকা অৱস্থাত ঘৰৰ মালিকে প্ৰত্যক্ষ কৰে।

Related News