• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোৱাইট হাউছৰ প্ৰথমগৰাকী মহিলা চীফ অফ ষ্টাফ হিচাপে ছুচি ৱাইলছক নিৰ্বাচিত কৰিলে ট্ৰাম্পে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2024 12:38 pm
হোৱাইট হাউছৰ প্ৰথমগৰাকী মহিলা চীফ অফ ষ্টাফ ছুচি ৱাইলছ। ফটোঃ সংগ্ৰহীত।

হোৱাইট হাউছৰ প্ৰথমগৰাকী মহিলা চীফ অফ ষ্টাফ ছুচি ৱাইলছ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ৰিপাব্লিকান পাৰ্টিৰ ড’নাল্ড ট্ৰাম্পে ছুচি ৱাইলছক হোয়াইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিৰ্বাচিত কৰিছে। ৬৭ বছৰীয়া ছুজি হ’ব হোৱাইট হাউছৰ প্ৰথমগৰাকী মহিলা চীফ অফ ষ্টাফ।

বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ পদটোৰ বাবে ট্ৰাম্পে ছুচিৰ নাম ঘোষণা কৰে। ট্ৰাম্পৰ দুই নিৰ্বাচনী কাৰ্যসূচী পৰিচালকৰ ভিতৰত অন্যতম হৈছে ছুচি।

যোৱা ৫ নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈ যায়। নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী ট্ৰাম্পে জয়লাভ কৰে। ২০ জানুৱাৰীত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।

Apply Now

শপত গ্ৰহণ কৰাৰ পূৰ্বে ট্ৰাম্পে নিজৰ প্ৰশাসনক সংগঠিত কৰাৰ কাম সম্পূৰ্ণ কৰিব। ইয়াৰ বাবে তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ পদৰ বাবে নিজৰ পছন্দৰ লোকসকলক নিৰ্বাচন কৰিব। তেওঁলোকৰ নাম ঘোষণা কৰিব। সেই পৰ্যায়ত প্ৰথমে তেওঁ ছুচিৰ নাম ঘোষণা কৰিলে।

লগতে পঢ়কঃ বেয়া সময় শেষ হোৱা নাই কিলিয়ান এমবাপেৰ; এইবাৰ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দলৰ পৰাও পৰিল বাদ

হোৱাইট হাউছৰ চীফ অফ ষ্টাফে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সমন্বয়ক হিচাপে কাম কৰে। সাধাৰণতে তেওঁৰ বহু প্ৰভাৱ থাকে। তেওঁ হোৱাইট হাউছৰ কৰ্মচাৰীসকলক পৰিচালনা কৰে। ৰাষ্ট্ৰপতিৰ বিভিন্ন কামৰ সময়সূচী নিৰ্ধাৰণ কৰে। অন্য চৰকাৰী বিভাগ আৰু সংসদসকলৰ সৈতে যোগাযোগ কৰে।

ছুচিক হোৱাইট হাউছৰ চীফ অফ ষ্টাফ হিচাপে নিৰ্বাচিত কৰা সন্দৰ্ভত ট্ৰাম্পে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত তেওঁ কয় যে ছুচি এগৰাকী শক্তিশালী, স্মাৰ্ট, উদ্ভাৱনীমূলক ব্যক্তি। তেওঁ সাৰ্বজনীনভাৱে প্ৰশংসিত আৰু সন্মানীয়। তেওঁ যে আমেৰিকাক গৌৰৱান্বিত কৰিব তাত কোনো সন্দেহ নাই।

যোৱা মঙলবাৰে অনুষ্ঠিত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাস্ত কৰে। ইয়াৰ পিছতে ট্ৰাম্পে ফ্ল’ৰিডাৰ পাম বিচত থকা নিজৰ মালিকানাধীন মাৰ-এ-লাগো ক্লাবত সময় কটায়।

সূত্ৰসমূহৰ মতে, ট্ৰাম্পে এতিয়া নিজৰ প্ৰশাসনৰ শীৰ্ষ পদত কাক নিযুক্তি দিব সেই বিষয়ে চিন্তা কৰিছে। নিযুক্তিৰ বাবে বিবেচনা কৰা বহুতেই পূৰ্বৰ ট্ৰাম্প প্ৰশাসনত কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃ ৩৬ বছৰ পিছত ছলমান ৰুছদিৰ ‘দ্য ছ্যেটেনিক ভাৰ্ছেছ’ গ্ৰন্থৰ আমদানিৰ ওপৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ!

ছুচি ফ্ল’ৰিডাৰ এগৰাকী ৰাজনৈতিক কৌশলবিদ। তেওঁ ক্ৰীছ লাচিভিটাৰ সৈতে এইবাৰৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ট্ৰাম্পৰ প্ৰচাৰ পৰিচালক হিচাপে কাম কৰিছিল। এইবাৰ ক্ৰীছ আৰু ছুচি দুয়োজনে ট্ৰাম্পৰ হৈ প্ৰচাৰ চলাই প্ৰশংসিত হৈছে। কোৱাৰ প্ৰয়োজন নাই যে এই প্ৰচাৰ ট্ৰাম্পৰ পূৰ্বৰ প্ৰচাৰতকৈ বহু বেছি অনুশাসিত আছিল। ট্ৰাম্পে নিজেই বিজয় ভাষণত দুয়োজন পৰিচালকক ধন্যবাদ জনায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd