ডিমা হাচাওৰ ৰাজনৈতিক ব্যংগ গায়ক ডেনিয়েল লাংথাছাৰ কংগ্ৰেছত যোগদান

Dani-570x320

ডেনিয়েল লাংথাছা

ডিমা হাচাও জিলাৰ ৰাজনৈতিক ব্যংগ গায়ক ডেনিয়েল লাংথাছাই কংগ্ৰেছত যোগদান কৰে। বিভিন্ন জনপ্ৰিয় গীতৰ পেৰডি কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা সাম্পদায়িক শক্তিৰ বিৰুদ্ধে গীত পৰিৱেশন কৰা লাংথাছাই সৰ্বসাধাৰণৰ বিশেষকৈ নৱপ্ৰজন্মৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

২০০৭ চনত উগ্ৰপন্থীয়ে তেওঁৰ পিতৃক হত্যা কৰিছিল।

মিষ্টাৰ ইণ্ডিয়া হিচাপে জনপ্ৰিয় ৩২ বছৰীয়া লাংথাছাই ভাৰতৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোত সোমবাৰে ১১-৩০ বজাত যোগদান কৰে।

যোগদানৰ পূৰ্বে তেওঁ নিজৰ ফেচবুক পেজত লিখিছে,’’ মই আজি দিনৰ ১১-৩০ বজাত হাফলঙত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিম।‘’

যোৱা বছৰ ছচিয়েল মিডিয়াত ছবি প’ষ্ট কৰাৰ পিছত লাংথাছা বিজেপি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থকৰ ৰোষত পৰিছিল।

এগৰাকী সংগীতজ্ঞ হিচাপে পৰিচিত লাংথাছাই সোঁপন্থী মৌলবাদ, দুৰ্নীতি, চেলিব্ৰেটিৰ বিতৰ্ক, প্ৰাকৃতিক বা মানৱ সৃষ্ট দুৰ্যোগ আৰু আক্ৰান্তসকলৰ প্ৰতি চৰকাৰৰ অনীহাৰ বিষয়ে গান গাই আহিছে।

তেওঁৰ ইতিমধ্যে ১৩০ টাতকৈয়ো অধিক পেৰডি আৰু মৌলিক গান য়ুটিউব চেনেলত চলিছে।

যোৱা বছৰ তেওঁ ২০১৬ চনৰ ছেপ্টেম্বৰৰ পৰা দৰমহা নোপোৱা হাফলঙৰ ৩,০০০ পৌৰ কৰ্মীৰ সমৰ্থনত গানৰ মাজেৰে প্ৰতিবাদ  কৰিছিল।

উল্লেখযোগ্য যে তেওঁৰ নমামি ব্ৰহ্মপুত্ৰৰ থীম ছঙৰ পেৰডী গানটো জনপ্ৰিয় গায়ক পাপনৰ অভিযোগৰ পিছত ফেচবুক আৰু য়ুটিউবৰ পৰা এডমিনে অঁতৰাই দিছিল।