গিৰীয়েকৰ সন্মুখতে পত্নীক ধৰ্ষণ কৰা ৮ টাকৈ নৰাধমক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ

সমগ্ৰ ৰাজ্য কঁপাই শুকুৰবাৰে নগাঁৱৰ কামপুৰত এগৰাকী মহিলাক গিৰীয়েকৰ সন্মুখতে ৮ টাকৈ নৰাধমে দলবদ্ধ ধৰ্ষণ কৰা ঘটনাৰ ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পিছতে নগাঁও আৰক্ষীয়ে উক্ত ধৰ্ষণকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ধৰ্ষণকাৰী কেইটাক অৰক্ষীয়ে ক্ৰমে নজৰুল ইছলাম ইলিয়াচ মজত আলী, চুলতান আলী, মমতাজ আলী, ইক্ৰামূল হক, ফাৰজুল হক, মাজিদুল আহমেদ, হবিবুৰ ৰহমান আৰু নাজিৰুল হক বুলি চিনাক্ত কৰিছে।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰাইমেধিয়ে সংবাদকৰ্মীক জনোৱা অনুসৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত শুকুৰবাৰে কামপুৰত সংঘটিত ধৰ্ষণকাণ্ডৰ অনুসন্ধানৰ বাবে এটা বিশেষ দল গঠন কৰা হৈছিল। আৰু এই বিশেষ দলটোৱে ঘটনা সন্দৰ্ভত তদন্ত চলাই ঘটনা সংঘটিত কৰা ধৰ্ষণকাৰী কেইটাক আটক কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শুকুৰবাৰে মহিলাগৰাকী নিজ স্বামীৰ সৈতে জাগীৰোডৰ পৰা হোজাইৰ নিজা বাসগৃহলৈ ৰে’লেৰে আহি আছিল। ৰে’লখন নগাঁৱৰ কামপুৰত উপস্থিত হোৱাৰ সময়তে উক্ত দুৰ্বৃত্তকেইটাই মহিলা গৰাকী আৰু তেওঁৰ স্বামীক বলপূৰ্বকভাৱে এডোখৰ নিজান ঠাইলৈ লৈ যায়। ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামীক গুৰুতৰভাৱে প্ৰহাৰ কৰাত মানুহজন অচেতন কৰাৰ লগতে মহিলা গৰাকীক ধৰ্ষণ কৰিছিল।

পিছত মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ চেতনা ঘূৰি অহাত কামপুৰ আৰক্ষী চকীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে এই গোচৰৰ ভিত্তিতে অভিযান চলাই আজি দুৰ্বৃত্তকেইটাক আটক কৰে।

ইতিমধ্যে মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৫০/১৮/, ইউ/এছ-৩৬৭(ডি),৩৯৫ নম্বৰত গোচৰ ৰুজু কৰি আটকাধীন ধৰ্ষণকাৰীকেইটাক জেৰা চলাইছে।