গুৱাহটী বিশ্ববিদ্যালয়ত স্থাপন হ’ব ‘ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ’

university

গুৱাহটী বিশ্ববিদ্যালয়ত ‘ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ’ স্থাপনৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাখিল কৰা প্ৰস্তাৱলৈ সেউজ সংকেত প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

সেয়েহে ব্ৰহ্মপুত্ৰ অৱবাহিকাক মুখ্য বিষয় হিচাপে লৈ নৰ্থ ইষ্টাৰ্ণ কাউঞ্চিল চমুকৈ এনইচিৰ সহযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ে দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা এখনৰ আয়োজন কৰিছে।

অহা ১২ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত নদী অৱবাহিকা সন্দৰ্ভত বিভিন্ন আলোচনা কৰা হ’ব।

ঘাইকৈ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বিভিন্ন গতি বিধি পৰ্যবেক্ষণ-সমস্যাৰ সমাধানৰ লগতে এইক্ষেত্ৰত বিভিন্ন গৱেষণামূলক কামক উদগণি দিয়াৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে ‘ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰ’ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তপক্ষই এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰা অনুসৰি দুদিনীয়া কৰ্মশালাখনত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৫০ গৰাকীতকৈও অধিক লোকে অংশগ্ৰহণ কৰিব।

তদুপৰি বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী সংস্থা, বিভাগ, বিশেষজ্ঞ আৰু প্ৰকল্প নিৰ্মাণকৰীয়ে কৰ্মশালাখনত অংশগ্ৰহণ কৰি ব্ৰহ্মপুত্ৰ অৱবাহিকা সন্দৰ্ভত মত ব্যক্ত কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই জানিবলৈ দিয়া মতে ড’নাৰ মন্ত্ৰালয় আৰু এনইচিৰ অধ্যক্ষ ড০ জিতেন্দ্ৰ সিঙে ১২ ফেব্ৰুৱাৰি দিনৰ ১০.৩০বজাত কৰ্মশালাখন উদ্বোধন কৰিব।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।