গুৱাহাটীত এখন দৃষ্টিহীন বিশ্ববিদ্যালয় স্থাপনৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

প্ৰতিবন্ধী

ৰাজ্যৰ ভিতৰত গুৱাহাটীত এখন দৃষ্টিহীন বিশ্ববিদ্যালয় স্থাপন তথা ৰাজ্যৰ তিনি চাৰিখন জিলাৰ মাজত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে একোখনকৈ নৱোদয় জাতীয় বিদ্যালয় স্থাপন কৰাৰ দাবীৰে অহা ২৪ জানুৱাৰিত দিল্লীলৈ গৈ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী তথা শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিব বুলি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে আজি এক সংবাদমেল যোগে সদৰী কৰে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে এক সংবাদমেল আয়োজন কৰি বহুকেইটা দাবী উত্থাপন কৰে। তাৰ ভিতৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ ওপৰত তোলা এক অভিযোগ অনুসৰি সংস্থাটোৱে গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ত বলপূৰ্বক মাটি দখল কৰিবলৈ গৈছিল। কিন্তু সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে আজি সংবাদ মেল যোগে সদৰী কৰে যে তেওঁলোকৰ ওপৰত তোলা এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু সেয়া বৰ্তমান মিছা বুলি প্ৰমাণিত হৈছে।

ইয়াৰ বিপৰীতে সংস্থাটোৱে এই সমগ্ৰ ঘটনাটোৰ সৈতে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেন বৰ্মন জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে। যাৰ ফলত এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত প্ৰধান শিক্ষক গৰাকীৰ অপসাৰণৰ দাবীত সংস্থাই শিক্ষা সঞ্চালকালয়ৰ ওচৰত দাবী তুলি আহিছিল। লগতে তেওঁলোকৰ দাবীৰ প্ৰিত সঁহাৰি জনাই প্ৰধান শিক্ষক গৰাকীক অপসাৰণৰ বাবে উচ্চ শিক্ষা সঞ্চালকে নিৰ্দেশ প্ৰদান কৰিছিল বুলিও আজিৰ সংবাদমেলত সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বৰ্তমান পৰ্যন্ত প্ৰধান শিক্ষক গৰাকীয়ে  সঞ্চালকৰ নিৰ্দেশক আওকাণ কৰি প্ৰধান শিক্ষকৰ পদতে অধিষ্ঠিত হৈ থকা বুলি সংস্থাটোৱে অভিযোগ তুলিছে। সংস্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে উচ্চ শিক্ষা সঞ্চালকে এক নিৰ্দেশ যোগে পূৰ্বৰ প্ৰধান শিক্ষক পদত থকা বৰ্মনক তাৎক্ষণিকভাৱে প্ৰধান শিক্ষকৰ পদৰ পৰা অপসাৰিত কৰি কামৰূপ(ম) জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বুলী গগৈক তেওঁৰ পৰিৱৰ্তে প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল যদিও পৰিদৰ্শিকা বুলী গগৈয়ে প্ৰধান শিক্ষক বৰ্মনৰ পক্ষত থিয় দি সঞ্চালকৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি বৰ্মনকে প্ৰধান শিক্ষকৰ কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সুযোগ প্ৰদান কৰে।

আনহাতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতিবাদৰ অন্তত বৰ্তমানৰ চৰকাৰখনে প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৫৪ টা বিভাগত ৪৪১৯ টা খালী পদ পূৰণৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাম-কাজ আৰম্ভ কৰাৰ ইংগিত প্ৰদান কৰিছে। ইয়াৰ উপৰি যোৱা ৮ জানুৱাৰিত চৰকাৰে প্ৰতিবন্ধী কৰ্মচাৰী সকলৰ বাবে সপ্তম দৰমহা আয়োগৰ ভিত্তিত ৩০০০ টকাকৈ যাতায়াত ভাট্টাৰ ধন মুকলি কৰাৰ বাবে তাৎক্ষণিক নিৰ্দেশ প্ৰদান কৰে বুলিও সংবাদমেলখনত সংস্থাটোৱে জানিবলৈ দিয়ে।