NORTHEAST NOW (Assamese)

গুৱাহাটীত পুনৰ জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৪ খন সোণৰ বিস্কুট

May 21, 2018 2:39 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ মহানগৰীৰ বিমানবন্দৰ-ৰে’ল ষ্টেশ্যন আদিত কেইবা কোটি টকা মূল্যৰ অবৈধ সোণৰ বিস্কুট জব্দ হোৱাৰ পিছত আজি গুৱাহাটীত পুনৰ জব্দ হয় প্ৰায় ৩০ লক্ষাধিক টকাৰ মূল্যৰ ৪ খনকৈ সোণৰ বিস্কুট

জানিব পৰা মতে আৰক্ষীৰ অভিযানকাৰী দল এটাই গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ পল্টনবজাৰৰ পৰা সোণসহ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটক হোৱা সৰবৰাহকাৰীজন বিকাশ টাপোৰিয়া বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ধৃত বিকাশক সোণখিনি নগা যুৱক এজনে দিয়া বুলি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সদৰী কৰে।

ধৃত সোণ সৰবৰাহকাৰী বিকাশ টপোৰিয়া

উল্লেখ্য যে লক্ষাধিক টকাৰ মূল্যৰ সোণৰ বিস্কুট চাৰিখন ম্যানমাৰৰ পৰা জয়পুৰলৈ নিয়াৰ উদ্দেশ্যে আনিছিল।

বৰ্তমান যেন অবৈধ সোণ সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে গুৱাহাটী মহানগৰ। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চোৰাং ঘাটিসমূহৰ পৰা গুৱাহাটী হৈ এই চোৰাং সোণ তথা আন অবৈধ সামগ্ৰী বাহিৰলৈ সৰবৰাহ হয়।

উল্লেখ্যযোগ্য যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা গুৱাহাটী মহানগৰী দিনে দিনে অবৈধ সোণ সৰবৰাহৰ ঘাটিত পৰিণত হোৱা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে।

Related News