গুৱাহাটীত পুনৰ জব্দ অবৈধভাৱে সৰবৰাহ কৰা ৩৭খন সোণৰ বিস্কুট

picture

শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ মহানগৰীৰ বিমানবন্দৰ-ৰে’ল ষ্টেশ্যন আদিত কেইবা কোটি টকা মূল্যৰ অবৈধ সোণৰ বিস্কুট উদ্ধাৰ হোৱাৰ পিছত শনিবাৰে ৰাজহ চোৰাংচোৱা বিভাগৰ অভিযানত গুৱাহাটীত পুনৰ জব্দ হয় প্ৰায় দুই কোটি টকা মূল্যৰ ৩৭খনকৈ সোণৰ বিস্কুট।

বৰ্তমান যেন অবৈধ সোণ সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে গুৱাহাটী মহানগৰ। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চোৰাং ঘাটিসমূহৰ পৰা গুৱাহাটী হৈ এই চোৰাং সোণ তথা আন অবৈধ সামগ্ৰী বাহিৰলৈ সৰবৰাহ হয়।

জানিব পৰা মতে ৰাজহ চোৰাংচোৱা বিভাগৰ অভিযানকাৰী দল এটাই  ২৪ ঘন্টাৰ ভিতৰত অবৈধভাৱে সৰবৰাহ কৰা ৩৭খন সোণৰ বিস্কুট জব্দ কৰে।

সৰবৰাহৰ অন্যতম অভিযুক্ত কামালুদ্দিনে অতি কৌশলেৰে ম্যানমাৰৰ পৰা সোণৰ বিস্কুটকেইখন গুৱাহাটীলৈ অনা বুলি স্বীকাৰ কৰে।

আনহাতে, গুৱাহাটী ৰে’ল ষ্টেশ্যনত অভিযান চলাই এজন ৰে’লযাত্ৰীৰ পৰা  ২২খন সোণৰ বিস্কুট জব্দ কৰা হয়। যাত্ৰীজনে অবৈধ সোণৰ বিস্কুটকেইখন জোতাৰ ভিতৰত লুকুৱাই আনিছিল বুলি কোৱা হৈছে।

উক্ত যাত্ৰীজনেও ম্যানমাৰৰ পৰা অবৈধভাৱে লুকুৱাই অনা সোণৰ বিস্কুটকেইখন ৰাজধানী এক্সপ্ৰেছেৰে দিল্লীলৈ নিবলৈ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

অবৈধভাৱে সোণ সৰবৰাহ কৰাৰ অপৰাধত দুই সৰবৰাহকাৰীক  ৰাজহ চোৰাংচোৱা বিভাগে আটক কৰাৰ লগতে জব্দ কৰা সোণৰ বিস্কুটকখিনি চোৰাংচোৱা বিভাগে নিজৰ জিম্মাত ৰাখিছে।

উল্লেখ্যযোগ্য যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৈ ৰখা গুৱাহাটী মহানগৰী অবৈধ সোণ সৰবৰাহৰ ঘাটিত পৰিণত হোৱা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে।