গুৱাহাটীত মিথানল চালিত বাছৰ পাইলট প্ৰজেক্টত সন্মতি কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী গাডকাৰীৰ

mithanol fueled bus Delhi bus driver fined for "not wearing helmet"

প্ৰতীকী ছবি।

কেন্দ্ৰীয় পথ পৰিবহণ, ঘাইপথ আৰু জলপথ পৰিবহণ মন্ত্ৰী নীতীন গাডকাৰীয়ে অসম চৰকাৰৰ হাতত ১০ নতুন বাছ প্ৰদান কৰিব। এই নতুন বাছ কেইখন মিথানলেৰে চালিত হ’ব। ৰাজহুৱা পৰিবহণত মিথানল ব্যৱহাৰৰ পাইলট প্ৰজেক্ট হিচাপে এই বাছকেইখন গুৱাহাটীত চলোৱা হ’ব।

নতুন দিল্লীৰ ট্ৰেন্সপৰ্ট ভৱনত মিথানল অৰ্থনীতি প্ৰৱৰ্তনৰ বিষয়টোৰ ওপৰত অনুষ্ঠিত পুনৰীক্ষণ বৈঠকক অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল।

উক্ত বৈঠকখনত দেশখনত মিথানল উৎপাদন কেনেদৰে বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। অত্যন্ত ব্যয়বহুল পেট্ৰল আৰু ডিজেলৰ বিকল্প হিচাপে মিথানল অৰ্থনীতিৰ বিকাশ সাধনৰ উপায়ৰ ওপৰত আলোচনা কৰা হৈছিল।

বৰ্তমান আসাম পেট্ৰকেমিকেলছ লিমিটেড নামৰ ৰাজহুৱা খণ্ডৰ উদ্যোগটো হৈছে মিথানল উৎপাদন কৰা কেইটামান নামমাত্ৰ উদ্যোগৰ এটা।

এটা চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ যে ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (Inland Waterways Authority of India চমুকৈ IWAI) ব্ৰহ্মপুত্ৰ আৰু আন আন ৰাষ্ট্ৰীয় জলপথৰ পাৰে পাৰে পেট্ৰলিয়াম ইন্ধন বেংক স্থাপন কৰিব। এই ইন্ধন বেংকসমূহত আভ্যন্তৰিণ জলপৰিবহণৰ জাহাজসমূহে আসাম পেট্ৰকেমিকেলছ লিমিটেডে যোগান ধৰা মিথানলৰ দ্বাৰা জাহাজসমূহ চলাব পাৰিব।