গুৱাহাটীত সন্ত্ৰাস ম’বাইল চোৰৰ; ভিন্ন স্থানৰ পৰা আটক বহুকেইটা চোৰ

আৰক্ষীয়ে ধৰা চোৰ ভবলেশ

গুৱাহাটীত চোৰৰ তাণ্ডৱত টোপনি হৰিছে জনসাধাৰণৰ। নিশা টোপনিৰ সুযোগতে হওক বাটত হাতৰ পৰা ঠপিয়ায়েই হওক অথবা ঘৰত গৃহস্থ নথকাৰ সুযোগতে হওক চোৰে চলাই অভিযান।

ভৰলুমুখৰ সোণাৰাম ফিল্ডৰ সমীপৰ পৰা এগৰাকী মহিলাৰ পৰা চাদ্দাম আলী নামৰ এটা চোৰে শনিবাৰে এটা ম’বাইল কাঢ়ি লৈ যায়। জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকী ফেমিলী ক’ৰ্টলৈ কিবা কামত গৈ আছিল।

ভৰলুমুখ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়ে ৰুজু কৰা ২৯৯/১৮ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৪২ ধাৰাত তেওঁলোকে কালি নিশা অভিযান চলাই চাদ্দাম আলী নামৰ চোৰটোক আটক কৰে। পূৰ্বেও পল্টনবজাৰ আৰক্ষী চকী আৰু জালুকবাৰী থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিতো ধৃত চোৰটোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

আনহাতে যোৱা দেওবাৰে চানমাৰি আৰক্ষীয়ে এগৰাকী ভুক্তভোগীৰ ৩৩৯/১৮ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত ভবলেশ দাস (২৬ বছৰীয়া) নামৰ এটা চোৰক গ্ৰেপ্তাৰ কৰে। চোৰটোৱে ৰে’ডমি নোট ম’বাইল এটা চুৰ কৰি নিছিল। ধৃত ভবলেশৰ ঘৰ বামুণীমৈদামৰ শীতলাবাৰীত। ধৃত ভবলেশ এগৰাকী ড্ৰাগছ বেপাৰীও বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জালত পূৰ্বেও তেওঁ কাৰাগাৰলৈ গৈছিল আৰু ওলাই আহিয়ে আকৌ লিপ্ত হ’ল ম’বাইল চুৰিত। বৰ্তমান চানমাৰি আৰক্ষীয়ে ধৃত চোৰটোক আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে সোধ-পোচ কৰি আছে।

আকৌ জিতুল কলিতা নামৰ গায়িকাগৰাকীৰ গান্ধীবস্তিস্থিত ভাড়াঘৰৰপৰাও আজি দেওবাৰে ৰাতিপুৱা এটা ম’বাইল চুৰি হয়। তেওঁ ছয়গাঁৱত কালি নিশা সংগীত পৰিৱেশনৰ বাবে গৈছিল। নিশা পলমকৈ ঘৰ সোমোৱাত পুৱা দেৰিলৈকে শুই থকাৰ সুযোগ ল’ই তেওঁৰ পৰা ম’বাইলটো চুৰ কৰি লৈ যায়।

আনহাতে চানমাৰি ৰেইলৱে’ কলনিৰ স্বৰস্বতী পাল নামৰ এগৰাকী মহিলাৰ পৰা বৃহস্পতিবাৰে এটা ম’বাইল চুৰি হয়। আজি তেওঁ চানমাৰি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে।