গুৱাহাটীত হানী ট্ৰেপিং,ধন দাবীৰ অপৰাধত আটক মহিলা,যুৱক

pic-570x320

প্ৰতিনিধিত্বমূলক ফটো

হানী ট্ৰেপিঙৰ এক ঘটনাত গুৱাহাটীত লোকৰ অশ্লীল ভিডিঅ’ বনাই পিছত তেওঁলোকৰ পৰা ধন দাবী কৰাৰ অভিযোগত এগৰাকী ৪৬ বছৰীয়া মহিলা আৰু এজন যুৱকক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মহানগৰীত বাস কৰা এগৰাকী আয় কৰ বিষয়াৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে দুটা সন্তানৰ মাতৃ মহিলাগৰাকীৰ লগতে ২৯ বছৰীয়া দিব্যজ্যোতি দাস নামৰ যুৱকজনক আটক কৰে।

দুয়োজনকে এখন স্থানীয় আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বিষয়াগৰাকীয়ে আৰক্ষীক জনাইছিল যে এগৰাকী মহিলাই তেওঁৰ ম’বাইলত ফোন কৰাৰ পিছত দুয়োজনৰ মাজত বন্ধুত্ব হৈছিল। বিষয়াগৰাকীয়ে মহিলাগৰাকীৰ ঘৰলৈ যাওঁতে তেওঁৰ কিছুমান অশ্লীল ভিডিঅ’ বনাইছিল।

‘’ মহিলাগৰাকীয়ে তেওঁৰ আপত্তিজনক ভিডিঅ’ বনাই তেওঁৰ পৰা ধন দাবী কৰিছিল, অন্যথা ধন নিদিলে তেওঁৰ সেই আপত্তিজনক ভিডিঅ’ ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰাৰ ভাবুকি দিছিল,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।

জেৰাৰ সময়ত অভিযুক্তই আৰক্ষীক জনাইছে যে তেওঁলোকে এনেধৰণৰ উপায় অৱলম্বন কৰি কেইবাজনো লোকৰ পৰা ধন সৰকাইছিল।

‘’ তেওঁলোকে লোকক বলি সজাই ভিডিঅ’ বনাই ধন সৰকাইছিল। তেওঁলোকে লক্ষ্য কৰি লোৱা কোনো লোকে সন্মানৰ খাতিৰত বিষয়টো আৰক্ষীক অৱগত কৰা নাছিল,’’-বিষয়াগৰাকীয়ে কয়।