NORTHEAST NOW (Assamese)

গুৱাহাটীৰ অনিল প্লাজাৰৰ সন্মুখত সংঘটিত পথ দুৰ্ঘটনাত এজন আহত

April 26, 2018 4:14 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰত্যেক দিনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে গুৱাহাটীৰ এ বি চিস্থিত অনিল প্লাজাৰ সন্মুখতে সংঘটিত হয় এক পথ দুৰ্ঘটনা।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত জালুকবাৰীৰ পৰা বেলতলা অভিমুখে আহি থকা এ এছ ০১ এইচ চি ৯৩৭৮ নম্বৰৰ চিটি বাছ এখনৰ পিছফালে এ এছ ০১ এ ৯০১৩ নম্বৰৰ হাংক বাইক এখনে তীগ্ৰ গতিবেগত আহি খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত ধীৰাজ কোঁৱৰ নামৰ ২৫ বছৰীয়া  বাইক আৰোহীজনে মূৰত গুৰুতৰভাবে আঘাত পোৱাৰ লগতে শৰীৰৰ বিভিন্ন অংশত সামান্য পৰিমাণে আঘাত পায়। ফলত যুৱকজনক ততাতৈয়াকৈ জি এম চি মেডিকেললৈ প্ৰেৰণ কৰা হয়।

আনহাতে ঘটনাস্থলীতে উপস্থিত থকা যান-বাহন আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাইক আৰোহীজনে হেলমেট পৰিধান নকৰাৰ বাবে মূৰত গুৰুতৰভাবে আঘাত পায়।

ইতিমধ্যে ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ চিটি বাছ আৰু বাইকখন জব্দ কৰি ভঙাগড় আৰক্ষী থানালৈ লৈ যায়।

Related News