গুৱাহাটীৰ আঠগাঁওস্থিত মচলা গুদামত অগ্নিকাণ্ড

আজি ৰাতিপুৱা মহানগৰীৰ ব্যস্ত অঞ্চল আঠগাঁৱত বিধ্বংসী এটা অগ্নিকাণ্ড সংঘটিত হয়। হালধি গলিৰ ৰমেশ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ এটা মচলাৰ গুদামৰ পৰা এই জুইৰ সূত্ৰপাত হৈ ক্ৰমে বিধ্বংসী ৰূপ লয়। পিছত ঘটনাস্থলীত তাৎক্ষণিকভাৱে ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। লক্ষণীয় যে মচলাৰ গুদামৰ পৰা ওলোৱা এই ধোৱাঁই গোটেই অঞ্চল ছানি ধৰাৰ ফলত স্থানীয় ৰাইজ এতিয়া শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে। জানিব পৰামতে সমীপতে থকা মাৰোৱাৰী মেটাৰ্নিটি হাস্পতালত ভৰ্তি হৈ থকা ৰোগীসকলেও একে সমস্যাত ভোগা পৰিলক্ষিত হৈছে। এই অগ্নিকাণ্ডৰ পিছত মহানগৰীৰ ব্যস্ত এলেকাত কিদৰে এনেকুৱা ফেক্টৰি বহুৱাবলৈ অনুমতি লাভ কৰিছে তাক লৈ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।