গুৱাহাটীৰ চিত্ৰ নিৰ্মাতালৈ চিএছআইএফএফ ২০১৭’ সন্মান

নগাঁবৰ চাপৰমুখৰ অসমীয়া শিখসকলৰ গুৰুদ্বাৰা মাতাজী

গুৱাহাটীৰ তথ্যচিত্ৰ নিৰ্মাতা ডাঃ সত্যকাম ফুকনৰ ‘মাডাৰছ গুৰুদ্বাৰা’ নামৰ তথ্যচিত্ৰখনে ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, ২০১৭ (চিএছআইএফএফ-২০১৭) ত শ্ৰেষ্ঠ পৰিচালনাৰ (Best Direction) সন্মান লাভ কৰিছে।

আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰা এইখন হৈছে ডাঃ সত্যকাম ফুকনৰ তৃতীয়খন তথ্যচিত্ৰ। ছবিখন ৰি-মিতা বোলছবিৰ বেনাৰত প্ৰযোজনা কৰা হৈছে আৰু ডাঃ ফুকনে ছবিখন পৰিচালনা কৰাৰ উপৰি ইয়াৰ চিত্ৰনাট্য লিখিছে আৰু সম্পাদনাও কৰিছে।

ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে শ্বিলঙৰ প্ৰখ্যাত ছবিনিৰ্মাতা, শিল্পী তথা সংবাদ মাধ্যমৰ লগত জড়িত ৰাফেল ৱাৰ্জৰিয়ে।

পেচা ডাঃ ফুকন এগৰাকী শল্য চিকিৎসক আৰু তেওঁ বৰ্তমান উনট্ৰ’ব হস্পিটেলত কৰ্মৰত।

তথ্যচিত্ৰখনৰ কেন্দ্ৰীয় বিষয়বস্তু গুৰুদ্বাৰাটো নগাঁৱৰ চাপৰমুখত অসমীয়া শিখসকলে স্থাপন কৰা এইটো আছিল প্ৰথমটো গুৰুদ্বাৰা। এই স্থানতে উনৈশ শতিকাৰ প্ৰথম ভাগত অসমীয়া শিখসকলৰ প্ৰতিষ্ঠা আৰম্ভ হৈছিল।

গুৰুদ্বাৰাটোৰ নাম ৰখা হৈছে গুৰুদ্বাৰা মাতাজী আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিল উনৈশ শতিকাৰ প্ৰথমাৰ্দ্ধত বাৰ্মা আক্ৰমণকাৰীৰ বিৰুদ্ধে আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই কৰা যুদ্ধত সহায় কৰিবলৈ পাঞ্জাৱৰ মহাৰাজা ৰণজিৎ সিঙে পঠিওৱা শিখ সৈন্যদলৰ সেনাধিনায়ক চৈতন্য সিঙৰ পত্নীয়ে।

চৈতন্য সিঙে বাৰ্মা আক্ৰমণকাৰীৰ সৈতে হোৱা যুদ্ধত মৃত্যুবৰণ কৰিছিল। ইয়াৰ পিছত শিখ সৈনিকসকলে চৈতন্য সিঙৰ পত্নীৰ নেতৃত্বতে চাপৰমুখত বসতি কৰি থাকিবলৈ লৈছিল। এই মহিলাগৰাকী মাতাজী হিচাপে জনাজাত হৈ পৰিছিল।

চিএছআইএফএফৰ লক্ষ্য হৈছে গোটেই বিশ্বৰে ছবি নিৰ্মাতাসকলক তেওঁলোকৰ ক্ষেত্ৰসমূহত পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুযোগ দিয়া আৰু তাৰ মাজৰ পৰা শ্ৰেষ্ঠ কৰ্মক নিৰ্বাচিত কৰি চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ জৰিয়তে ছবিনিৰ্মাতাক ইয়াৰ বৃত্তিধাৰী তথা চলচ্চিত্ৰ শিল্পীসকলৰ নেটৱৰ্কৰ মাজত এখন মঞ্চ তুলি ধৰা।

আয়োজকসকলে জানিব দিয়া মতে এই মহোৎসৱে গোটেই বিশ্বৰ শ্ৰেষ্ঠ নতুন ছবি নিৰ্মাতাসকলৰ আকাংক্ষা, অনুভূতি আৰু দক্ষতা বিশ্বৰ দৰ্শকসকলৰ মাজত দাঙি ধৰাৰ প্ৰচেষ্টা চলাই আহিছে।