গুৱাহাটীৰ পৰা টিহুলৈকে হ’ব অৰ্থনৈতিক মণ্ডল : মুখ্য মন্ত্ৰী সোণোৱাল

৩১ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিয়ে দাঁতিয়ে গুৱাহাটীৰ পৰা ৮০ কিলোমিটাৰ পৰ্য্যন্ত নলবাৰী জিলাৰ টিহুলৈকে হ’ব অৰ্থনৈতিক মণ্ডল। এই কথা আজি দেশৰ ৰাজধানী নতুন দিল্লীত ঘোষণা কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আনুষ্ঠানিক ঘোষণা কৰিব অহা ফেব্ৰুৱাৰিত গুৱাহাটীত হ’ব লগীয়া বিশ্ব বিনিয়োজন সন্মিলনত। ৰাষ্ট্ৰদূত সন্মিলনত ভাগ লোৱাৰ সমান্তৰালভাৱে সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু কয় যে তেওঁ কেন্দ্ৰক ষ্টীলৱেল ৰ’ড পুনৰ মুকলি কৰাৰ বাবে হেঁচা দিছে। আনহাতে উক্ত বিশ্ব বিনিয়োজন সন্মিলনৰ স্বাৰ্থতে তেওঁ ৰাষ্ট্ৰদূতসকলক লগ কৰা বুলিও জানিবলৈ দিয়ে। তেওঁ ৰাষ্ট্ৰদূতসকলক কয় যে অসম হ’ল আছিয়ান দেশ সমূহৰ ৮০ শতাংশ লোকৰ এখন বজাৰ। ‘যোৱা বছৰটোত আমি ৬৫০০ কোটিৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হৈছিলো।’ তেওঁ কয়। ”দক্ষিণ এছিয়াৰ দেশবোৰৰ বেছিভাগৰে ৰাজধানীৰ পৰা অসম কম উৰণ-দূৰত্বত অৱস্থিত। ই সমগ্ৰ অঞ্চলটোৰ বাবে এটা উৰণকেন্দ্ৰৰ দৰে হ’ব পাৰে। সেইটোলৈ লক্ষ্য ৰাখিয়ে আমি এডভানটেইজ আছামৰ অংশ হিচাপে বিভিন্ন এয়াৰলাইনছ অপাৰেটৰৰ সৈতে আলোচনা কৰি আছো।’ মুখ্য মন্ত্ৰীজনে কয়। আছিয়ান দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য কৌশলগতভাৱে ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ, যেনে জাৰ্মানি, তুৰস্ক, ইজৰাইল আফগানিস্তান, কাজাখাস্তান আদিৰ ৰাষ্ট্ৰদূতসকলৰ সৈতে ইয়াত আলোচনা কৰা হয়। মুখ্য মন্ত্ৰী সোণোৱালে এজন এজনকৈ ৰাষ্ট্ৰদূতসকলৰ সৈতে মত বিনিময় কৰে। জাপানৰ ৰাষ্ট্ৰদূত কেনজি হিৰামাচতুৰ সৈতে কথা পাতি তেওঁ জাপানৰ পৰা বিনিয়োগকাৰীক পঠাবলৈ অনুৰোধ জনায় আৰু এই ক্ষেত্ৰত তেওঁ নিৰ্চত তথা সম্পূৰ্ণ সহায় আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্য মন্ত্ৰীয়ে তেওঁৰ সৈতে ফলদায়ক আলোচনা হোৱা বুলি দাবী কৰে।
মুখ্য মন্ত্ৰীয়ে এই কথাও কয় যে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচিৰ দ্বাৰা খুবেই অনুপ্ৰাণিত হৈছে।

অনুষ্ঠানটোত ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল।  আজিৰ সন্মিলনখনত অসমত বিনিয়োগৰ সম্ভাৱনাবোৰৰ সবিস্তাৰিত উপস্থাপন দাঙি ধৰা হৈছিল।

আনহাতে মুখ্য মন্ত্ৰীৰ সৈতে বৈঠকৰ পিছত ৰাষ্ট্ৰদূতসকলেও ৰাজ্য চৰকাৰখনে লোৱা পদক্ষেপবোৰৰ শলাগ লয় আৰু লগতে অসম চৰকাৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলি কয়।