NORTHEAST NOW (Assamese)

গুৱাহাটীৰ ৰাজপথত ভমককৈ জ্বলি উঠিল চলি থকা ছুইফট ডিজায়াৰ

April 29, 2018 9:09 pm · এন ই নাও নিউজ
Updated: April 29, 2018 9:12 pm

কিছুসময় পূৰ্বে আজি ২৯ এপ্ৰিলৰ সন্ধিয়া গুৱাহাটীৰ ভঙাগড়ত চলন্ত অৱস্থাতে এখন মাৰুতি ছুইফট ডিজায়াৰ গাড়ীত জুই লাগি ভষ্মীভূত হৈছে। গাড়ীখনৰ নম্বৰ AS01 BJ 7444।

ৰাহুল ধেনুকা নামৰ লোক এজনে পল্টন বজাৰৰ পৰা গণেশগুৰিৰ দিশলৈ গাড়ীখন চলাই আহি থাকোতে দুৰ্ঘটনাটো ঘটে বুলি জনাইছে ঘটনাস্থলীত থকা লোকে।

ধোঁৱা ওলোৱাৰ গম পাই চালকজন গাড়ীখনৰ পৰা নামি দিয়াত তেওঁ আঘাত পোৱাৰ পৰা বাচে।

গাড়ীখনত কিয় জুই লাগিল এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষী আহি ততালিতে ঘটনাথলীত উপস্থিত হৈছে আৰু ঠাইখিনি খালী কৰে।

সৱিশেষ তথ্যৰ বাবে চেষ্টা কৰি থকা হৈছে।

Related News