দেউৰী জনগোষ্ঠীৰ নতুন প্ৰজন্মক তেওঁলোকৰ ঐতিহ্য-পৰম্পৰা, কৃষ্টি –সংস্কৃতিৰ বিষয়ে সজাগ কৰি তুলিবলৈ আৰু নিজস্ব আচাৰ-নীতি সম্পৰ্কে আভাস দিয়াৰ উদ্দেশ্য আগত ৰাখি দেউৰী জাতীয় মঞ্চই এখন কৰ্মশালাৰ আয়োজন কৰিছে।
গুৱাহাটীৰ কাহিলীপাৰাৰ সোণাইঘুলিত থকা দেউৰী স্থায়ী মঞ্চত যোৱা ১৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈ থকা এই কৰ্মশালাখন ১৭ এপ্ৰিলত সামৰণি পৰিব।
১৪ এপ্ৰিলৰ দিনাখন ওদালবাক্ৰাৰ সাৱিত্ৰী ভৰালী হাইস্কুলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কৰ্মশালাখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কৰ্মশালাখন আনুষ্ঠানিকভাৱে মুকলি কৰে দেউৰী জাতীয় মঞ্চৰ সভাপতি প্ৰদীপ দেউৰীয়ে।
কৰ্মশালাখনৰ প্ৰশিক্ষক হিচাপে আছে জ্যোতি দেউৰী, গোনেশ্বৰ দেউৰী, ৰামধন দেউৰী আৰু যতীন দেউৰী।
কৰ্মাশালাখনত অসমৰ বিভিন্ন ঠাইৰ অভিজ্ঞ পেঁপা বাদক, ঢোল বাদকসকলে আহি যুৱ প্ৰজন্মক প্ৰশিক্ষণ দিছে।
আনহাতে, অহা বুধবাৰে সোনাইঘুলীত থকা স্থায়ী মঞ্চত অতি জাকজমকতাৰে দেউৰী বিচু অনুস্থিত কৰা হ’ব।
দেউৰী জাতীয় মঞ্চৰ উপদেষ্টা ভৰত দেউৰীয়ে জনায় যে এই কৰ্মশালাৰ মুল উদেশ্য হ’ল বৰ্তমান উঠি অহা চামক দেউৰী কৃষ্টিৰ লগত চিনাকী কৰি ভৱিষ্যতে হেৰাই যাব ধৰা আপুৰুগীয়া দেউৰী সংস্কৃতিক জীয়াই ৰখাৰ চেষ্টা কৰা।
গুৱাহাটীৰ দেউৰী ল’ৰা ছোৱালী সকলোৱে অতি আগ্ৰহেৰে আহি এই প্ৰশিক্ষনত যোগদান কৰাতো অতি শুভ লক্ষণ বুলি মন্তৱ্য কৰে উপদেষ্টা গৰাকীয়ে।