গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব হেল্থ চিটি চিকিৎসালয়ে
গুৱাহাটী প্ৰে’ছ ক্লাবৰ মিদিয়া ক্লিনিকৰ ফাইল ছবি।
গুৱাহাটীৰ নৱ উন্মোচিত হেল্থ চিটি (Health City) চিকিৎসালয়ে অহা ৭ এপ্ৰিলত গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিক পৰিচালনা কৰিব।
অহা শনিবাৰে আবেলি ৩ বজাৰ পৰা ৭ বজালৈ মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াব চিকিৎসালয়খনৰ মেডিচিন বিশেষজ্ঞ ডাঃ ব্ৰজেন লহকৰে।
প্ৰে’ছ ক্লাবৰ যোৱা ক্লিনিকটোত সেৱা আগবঢ়াইছিল গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ে।
সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।