গুৱাহাটী বিশ্ববিদ্যালয়ত আজিৰে পৰা প্ৰাগজ্যোতি মহোৎসৱ

আজিৰে পৰা ৯ জানুৱাৰিলৈকে প্ৰাগজ্যোতি মহোৎসৱ হিচাপে পৰিচিত ৩৩ সংখ্যক পূব মণ্ডল আন্ত: বিশ্ববিদ্যালয় যুৱ মহোৎসৱ ২০১৭-১৮ খনি গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। উল্লেখযোগ্য যে সুদীৰ্ঘ ২৫ বছৰৰ বিৰতিৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত এই উৎসৱৰ আয়োজন কৰা হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ৰঞ্জন কুমাৰ কাকতিয়ে জনাইছে যে ১৯ খন উপ সমিতিৰ সৈতে এখন আয়োজক সমিতি গঠন কৰা হৈছে।

এই মহোৎসৱৰ মুখ্য পৃষ্ঠপোষক হিচাপে থকা অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ বাহিৰে আন পৃষ্ঠপোষকসকল হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী নৱ কুমাৰ দলে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকা।

‘’ পূব ভাৰতৰ  ২৫-৩০ খন বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় ৮০০ অংশগ্ৰহণকাৰীয়ে এই মহোৎসৱত যোগদান কৰিব। মহোৎসৱত ২৬ টা শাখাত সংগীত, সাংস্কৃতিক, সাহিত্য আৰু চিত্ৰকলাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব,’’-কাকতিয়ে জনায়। তেওঁ লগতে জনায় যে প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া সকলোবোৰ স্থানকে ৰাজ্যখনৰ বিভিন্ন জনজাতিক প্ৰতিনিধিত্ব কৰা অসমৰ সামাজিক-সাংস্কৃতিক বিষয়বস্তুৰে নামাংকৃত কৰা হৈছে।