গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়

প্ৰতিনিধিত্বমূলক চিত্ৰ

৫ জুলাই অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতকৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হয়। স্নাতকৰ চূড়ান্ত ষাণ্মাসিকত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৫৫,৭৫২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ঘোষিত ফলাফল অনুসৰি কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ৪৩,৭৪২ গৰাকী পৰীক্ষাৰ্থীৰ ৩৭,৪৭২ গৰাকী, বি এছ চিত অৱতীৰ্ণ হোৱা ৫৯৯৮ জন পৰীক্ষাৰ্থীৰ ৫১০১ জন আৰু বি কমত অৱতীৰ্ণ হোৱা ৬০১২ জন পৰীক্ষাৰ্থীৰ ৫৪৮৭ জন সফলতাৰে উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ যি সকল ছাত্ৰ-ছাত্ৰীৰ গ্ৰেডশ্বিট অথবা ফলাফলত আসোঁৱাহ থকাৰ অভিযোগ আছে তেনে পৰীক্ষাৰ্থীসকলে অহা ১৬ জুলাইৰ পূৰ্বে গ্ৰেডশ্বিটৰ ফটোকপিসহ আবদেনসমূহ বিশ্ববিদ্যালয়ৰ উপনিয়ন্ত্ৰকৰ কাৰ্যালয়ত জমা দিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনাইছে।

ইয়াৰ উপৰি পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে ই-মেইলযোগে প্ৰেৰণ কৰা আবেদন-পত্ৰ গ্ৰহণৰো ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উল্লেখণীয় যে বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট ই-মেইলতহে পৰীক্ষাৰ্থীয়ে নিজৰ আবেদন প্ৰেৰণ কৰিব লাগিব। লগতে আবেদনকাৰীয়ে আবেদনত নিজৰ ফোন নম্বৰ আৰু মেইল আই ডি উল্লেখ কৰিব লাগিব বুলি স্পষ্ট ৰূপত কৰ্তৃপক্ষই উল্লেখ কৰে।