NORTHEAST NOW (Assamese)

গুৱাহাটী মহানগৰীৰ দুটা স্থানৰ পৰা মুঠ ১৫৩০ কেজি গাঞ্জা উদ্ধাৰ

May 4, 2018 10:26 pm · কল্পজ্যোতি শইকীয়া

গাঞ্জাৰ ঘাটিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত প্ৰায়ে বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে গাঞ্জা তথা গাঞ্জা সৰবৰাহকাৰী আটক কৰি আহিছে। আজি পুনৰ মহানগৰীত পুৱতি নিশা  ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে  বশিষ্ঠ চাৰিআলিত এখন ট্ৰাকৰ পৰা ১৫০০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

গাঞ্জা ভর্তি ট্রকখন

জানিব পৰা মতে বশিষ্ঠ চাৰিআলিত উক্ত বিভাগটোৱে অভিযান চলাই পুৱতি নিশা প্ৰায় ৩:৩০ বজাত এ এছ ০১ এফ চি ৪৬৩৭ নম্বৰৰ ট্ৰাকখনৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুজন লোকক আটক কৰে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১.৫ কোটি টকা।

আনহাতে একেদিনাই অৰ্থাৎ আজি পুৱা ৫ বজাত গুৱাহাটী ৰেইলৱে ষ্টেচনত ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা ৰেইলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৩০ কিগ্ৰা গাঞ্জা।

ৰেইলৱে আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি ৰেইলখনৰ এটা ডবাৰ বাথৰুমৰ ওচৰত গৰাকীবিহীন এটা বেগত সেই গাঞ্জাখিনি ভৰাই থোৱা আছিল।

আনহাতে এই গাঞ্জাখিনি কোনে ক’ৰ পৰা সৰবৰাহ কৰিছে সেই বিষয়ে বৰ্তমানলৈকে অজ্ঞাত গুৱাহাটী ৰেইলৱে আৰক্ষী।

Related News