NORTHEAST NOW (Assamese)

গুৱাহাটী-শ্বিলং পথত অসমৰ পৰা যোৱা যান-বাহনত খাচি ছাত্ৰ সন্থাৰ তালাচী; বিচাৰিলে পৰিচয়-নথি

July 31, 2018 5:07 pm · এন ই নাও নিউজ
Updated: July 31, 2018 5:44 pm
খাচি ছাত্ৰ সন্থাই আজি অসম হৈ মেঘালয়ত প্ৰৱেশ কৰিব খোজা গাড়ীত তালাচী চলোৱাৰ দৃশ্য।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশে প্ৰভাৱ পেলাইছে চুবুৰীয়া ৰাজ্যবোৰতো। চুবুৰীয়া ৰাজ্যবোৰে অসমৰ সৈতে থকা নিজৰ নিজৰ সীমান্তত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

আনহাতে আজি অসমৰ পৰা মেঘালয়লৈ যোৱা গাড়ীবোৰত খাচি ছাত্ৰ সন্থাই ব্যাপক তালাচী চলায়, যিটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে। খাচি ছাত্ৰ সন্থাক এই তালাচীত সহযোগ কৰিছে মেঘালয় আৰক্ষীয়ে।

জানিব পৰামতে, তালাচীৰ সময়ত যাত্ৰীসকলৰ পৰা পৰিচয় সোধা-পোছাৰ লগতে নথিও বিচাৰিছে। এটা সূত্ৰই কয় যে উপযুক্ত তথ্য-প্ৰমাণ অবিহনে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই যাত্ৰীসকলক। ইয়াৰ ফলত গুৱাহাটী-শ্বিলং পথত বহু সংখ্যক যান-বাহন আবদ্ধ হৈ পৰে।

ইফালে খাচি ছাত্ৰ সন্থাই হঠাতে লোৱা এনে অভিযানে বিতৰ্কৰো সৃষ্টি কৰে। কিহৰ কাৰণে আৰু কিহৰ ভিত্তিত তথা কাৰ অনুমতিত তেওঁলোকে এয়া কৰিছে বুলি প্ৰশ্ন কৰিছে।

উল্লেখযোগ্য যে ৩০ জুলাইত অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে চাৰিওফালে যথেষ্ট হৈ-চৈৰ সৃষ্টি হৈছে। ৪০ লাখৰো অধিক লোকৰ নাম এই খচৰাৰ পৰা বাদ পৰাত এইসকলক বিদেশী বুলি গণ্য কৰাৰ প্ৰৱণতা দেখা গৈছে। লগতে বাদ পৰাসকল চুবুৰীয়া ৰাজ্যখনত প্ৰৱেশ কৰিব বুলি শংকা কৰিয়ে খাচি ছাত্ৰ সন্থাই এনে পদক্ষেপ লোৱা বুলি সন্দেহ কৰা হৈছে।

Related News