অপহৃত কেঁচুৱাক উদ্ধাৰ : মাতৃত্বৰ তাড়নাত ‘কিমান ডাঙৰ ভুল’ মন নকৰিলে অপহৰণকাৰী, নিঃসন্তান পিংকীয়ে

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিংকী আৰু মাণিক সৰকাৰ।

১৮ দিন পূৰ্বে পল্টনবজাৰস্থিত গুৱাহাটী ৰেইলৱেই ষ্টেইশ্যনত এহাল দম্পতীৰ কোলাৰ পৰা অপহৃত আঢ়ৈমহীয়া শিশুটিক আজি নাটকীয় পৰিস্থিতিত উদ্ধাৰ কৰে ৰেইলৱেই আৰক্ষীয়ে।

গুৱাহাটী ৰেইলৱেই আৰক্ষীৰ বিষয়া উৎপল দাসে সাংবাদিকক জনোৱা অনুসৰি আজি বিয়লি ২ বজাত গুৱাহাটী ৰেইলৱেই আৰক্ষীয়ে কামাখ্যা ৰেইলৱে আৰক্ষীৰ সহযোগত অভিযান চলাই পাণ্ডুৰ পৰা পিংকী সৰকাৰ(৩০) আৰু স্বামী মাণিক সৰকাৰৰ ঘৰৰ পৰা অপহৃত কন্যা সন্তানটো উদ্ধাৰ কৰাৰ লগতে দুয়োকে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে শিশুটিক নিজৰ মাক-দেউতাকৰ হাতত চমজাই দিয়ে।

উল্লেখযোগ্য যে ৰহাৰ সূৰ্য্য ভূঞা আৰু মৃদুলা ভূঞা নামৰ স্বামী-স্ত্ৰীয়ে তেওঁলোকৰ আঢ়ৈ মহীয়া যমজ সন্তানসহ গুৱাহাটীলৈ আহিছিল। কিন্তু ৰে’লত আহি পল্টনবজাৰস্থিত গুৱাহাটী ৰেইলৱেই ষ্টেইশ্যনত জিৰণি লওঁতেই পিংকী সৰকাৰ নামৰ মহিলাগৰাকীয়ে মৃদুলা ভূঞাক ‘আপোনাৰ অসুবিধা হৈছে, এটাক মই লৈ দিওঁ দিয়ক’ বুলি কন্যা সন্তানটোক নিজৰ কোলালৈ নিয়ে। তাৰ পিছতে পিংকী কেঁচুৱাটো লৈ তাৰ পৰা উধাও হয়।

আৰক্ষী ৰহাৰ দম্পতীটোৰ গোচৰৰ ভিত্তিত অনুসন্ধান অব্যাহত ৰাখিছিল যদিও আজি ১৮ দিনৰ মূৰতহে শিশুটিৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। আৰক্ষীয়ে শিশু অপহৰণৰ অপৰাধত পাণ্ডুত ভাৰাঘৰ লৈ থকা পিংকী সৰকাৰ আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জেৰাত পিংকীয়ে নিজৰ সন্তান নাই বাবে সন্তানৰ মায়াতে শিশুটিক লৈ যোৱা বুলি স্বীকাৰ কৰিছে। তেওঁ সন্তানটোক লালন-পালনৰ বাবেহে লৈ যায় বুলি আৰক্ষীক জনায়।

মন কৰিব লগীয়া যে পিংকী সৰকাৰে শিশুটিক সঁচাকৈয়ে মাতৃস্নেহেৰে আৱৰি ৰখাৰ লগতে আদৰ-যতনো কৰি ৰাখিছিল। আজি শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়তো শিশুটিক ধুনীয়াকৈ গা-পা ধুৱাই চকুত কাজল সানি ৰাখিছিল। শিশু অপহৰণৰ ঘটনা হ’লেও মহিলা এগৰাকীৰ মাজত লুকাই থকা সন্তান লালনৰ তাড়নাৰ বাস্তৱ ছবিখনে স্বাভাৱিকতে সকলোকে হতবাক কৰি তুলিছে।

আনহাতে ৰেইলৱে আৰক্ষীয়ে ১৮০/১৮ নম্বৰ আৰু ৩৬৩ ধাৰাত এটা গোচৰ ৰুজু কৰে পিংকী আৰু মাণিকৰ বিৰুদ্ধে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে ধৃত পিংকী আৰু মানিকক আদালতলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পিংকী আৰু মাণিকৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে কোনো গোচৰ নাই বুলি জানিবলৈ দিয়ে।