গোবিন্দ চন্দ্ৰ লাংথাচাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ

gobinda chandra lanthacha

লাংথাচাৰ মৃত্যুত শোকসভা

অসমৰ প্ৰাক্তন মন্ত্ৰী, ডিমা হাচাওৰ বয়োবৃদ্ধ কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাচাৰ মৃত্যুত উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে।

এই লৈ উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ কাৰ্য্যালয়ত পৰিষদৰ সদস্য, বিষয়ববীয়া আৰু কৰ্মচাৰীসকলৰ এক শোকসভা অনুষ্ঠিত হয়। শোকসভাৰ পিছতে লাংথাচাৰ প্ৰতি শ্ৰদ্ধাস্বৰূপে দিনটোৰ বাবে কাৰ্য্যালয়টো বন্ধ ঘোষণা কৰা হয়।

প্ৰয়াত লাংথাচা ১৯৭১ৰ পৰা ৭৯ চনলৈ আৰু পুনৰ ১৯৮৮ৰ পৰা ১৯৯১ চনলৈ পৰিষদখনৰ মুখ্য কাৰ্য্যবাহী সদস্য আছিল।

তেওঁ ১৯৮৩ৰ পৰা ১৯৯৬ চনলৈ আৰু ২০০১ৰ পৰা ২০১৬ চনলৈ ১৬-হাফলং সমষ্টিৰ বিধয়ক আছিল।

তেওঁ ১৯৮৩, ১৯৯১ আৰু ২০০১ৰ পৰা ২০১৬ চনলৈ অসমৰ কেবিনে’ট মন্ত্ৰী আছিল।