গোসাঁইগাঁৱত শোৱাপাটীতে এজন আদিবাসী লোকক গুলীয়াই হত্যা

গোসাঁইগাওঁ মহকুমাৰ গুৰুফেলা আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণগুৰি গাঁৱত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই এজন আদিবাসী লোকক শোৱাপাটীতেই গুলীয়াই হত্যা কৰে। অজ্ঞাত আততায়ীৰ দ্বাৰা সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।নাৰায়ণগুৰি গাঁৱৰ বাসিন্দা তথা খেতিয়ক ঘাহায় মুৰ্মু নামৰ লোকজন যোৱা নিশা শুই থকা সময়ত ১২ মান বজাত দুৰ্বৃত্তৰ এটা দলে গৃহত প্ৰৱেশ কৰি শোৱাপাটীতেই গুলীয়ায়। মুৰ্মুৰ পেটত গুলী লগাত তেওঁ মৃত্যু হয়। কি কাৰণত কোনে আৰু কিয় গুলীয়াই মানুহজনক হত্যা কৰিলে সেয়া বিষয়ে আৰক্ষী এতিয়ালৈ নিশ্চিত হ’ব পৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলিহে আৰক্ষীয়ে জনায়। ঘাহাই মুৰ্মুই মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনি গৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

আনহাতে আমালৈ এই মাত্ৰ অহা খবৰমতে প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষী এই ঘটনাটোৰ আঁৰত কোনো উগ্ৰপন্থী জড়িত থকাৰ সম্ভাৱনা নাই বুলি নিশ্চিত হৈছে। ইয়াৰ সমৰ্থনত তেওঁলোকে কয় যে মুৰ্মুক হত্যা কৰিবলৈ যি ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হ’ল সেইবোৰ এন ডি এফ বিয়ে ব্যৱহাৰ কৰাবোৰৰ সৈতে মিল নাই। লগতে আৰক্ষীৰ তৰফৰ পৰা এই কথাটো ৰাইজক জনাবলৈ সংবাদ মাধ্যমক অনুৰোধ কৰা হৈছে। কাৰণ সংবাদ মাধ্যমৰ কিছু অংশই এই ঘটনাত এন ডি এফ বি জড়িত থকা বুলি প্ৰচাৰ কৰিছে, যিটোৰ ভিত্তি নাই। আৰক্ষীৰ সূত্ৰটোৱে কয়।