NORTHEAST NOW (Assamese)

গোৱালপাৰাত গৰু ব্যৱসায়ীৰ পৰা ডকাইতে লুটিলে ৩০ লাখ টকা

November 20, 2017 10:17 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
Updated: November 20, 2017 10:55 am
প্ৰতীকী ছবি।

দেওবাৰে গোৱালপাৰাত এখন ভানত যোৱা গৰু ব্যৱসায়ীৰ পৰা  ডকাইতে ৩০ লাখ টকা লুট কৰি লৈ যায়। গোৱালপাৰাৰ খৰমুজাৰে পাৰ হৈ যোৱা এখন ট্ৰেভেলাৰ ভানত গৈ থকা ব্যৱসায়ীসকলক পূৰ্বৰে পৰা খাপ পিটি থকা ডকাইতৰ দল এটাই আক্ৰমণ কৰে। লকিমপুৰলৈ গৈ থকা ভানখনত আক্ৰমণ কৰা ডকাইতৰ দলটো এখন টাটা চুম’ত আহিছিল আৰু তেওঁলোকে ভানখন নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ পিছত ওচৰৰ বনাঞ্চললৈ লৈ যায়। ভানখনত ১৯ গৰাকী গৰু ব্যৱসায়ী আছিল আৰু তেওলোকে লকিমপুৰ বজাৰৰ পৰা গৰু ক্ৰয় কৰিবলৈ গৈ আছিল। ব্যৱসায়ীসকলে লগত লৈ যোৱা আটাইখিনি ধন ডকাইতৰ দলটোৱে লুট কৰি লৈ যায়।

Related News