গোৱালপাৰাৰ চাঞ্চল্যকৰ ন্যায়াধীশ প্ৰহাৰ গোচৰৰ ৰায়দান : অভিযুক্ত ৭ জন অধিবক্তাক কাৰাদণ্ড

গোৱালপাৰা

২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত একাংশ অধিবক্তাই গোৱালপাৰাৰ বিদেশী নায়াধীকৰণৰ সদস্য অজয় ফুকনক প্ৰহাৰ কৰা গোচৰৰ আজি ৰায়দান কৰা হৈছে। সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ ৮ জন অভিযুক্তৰ ৭ জনক দুবছৰৰ কাৰাদণ্ড বিহাৰ লগতে এজন অভিযুক্তক দোষ মুক্ত ঘোষণা কৰা হয়। গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ঈপ্সিতা বৰঠাকুৰৰ আদালতে আজি এই ৰায়দান দিয়ে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰিত গোৱালপাৰাৰ চাৰি নম্বৰ বিদেশী নায়াধীকৰণৰ সদস্য অজয় ফুকনক ৮ জন অধিবক্তাই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই সম্পৰ্কে গোৱালপাৰা সদৰ থানাত পি এছ ৫৮/১৭ নম্বৰ গোচৰ ৰুজু হয়।  পিছত জি আৰ  ২৯৫/১৭ নম্বৰ গোচৰটো ইমান দিনে গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিচৰাধীন হৈ আছিল।

আজি মুখ্য ন্যায়িক দণ্ডাধীশ ঈপ্সিতা বৰঠাকুৰৰ আদালতে ৰায়দান দিয়া মতে অভিযুক্ত সাহজাহান আলী, ওমৰ ফাৰুক, মীৰ আব্দুল বাতেন, আব্দুল হামিদ, ময়নুল হক আৰু আনোৱাৰ হুছেইনক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭ ধাৰাৰ বিপৰীতে দুই বছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা, ৪৪৮ ধাৰাৰ বিপৰীতে এবছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা আৰু ৩৫৩ ধাৰাৰ বিপৰীতে এবছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা বিহা হয়। জৰিমনা আদায় নিদিলে প্ৰতিটো জৰিমনাৰ বিপৰীতে অতিৰিক্ত ৭ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

আনহাতে, একেটা গোচৰৰ আন এজন অভিযুক্ত নজৰুল ইছলামক ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৭ ধাৰাৰ বিপৰীতে দুই বছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা, ৪৪৮ এবছৰ কাৰাদণ্ড, ২৩২ এবছৰ কাৰাদণ্ড, ৩৫৩ ধাৰাৰ বিপৰীতে এবছৰ কাৰাদণ্ড আৰু এহেজাৰ টকা জৰিমনা আৰু 3PDPP এক্টৰ বিপৰীতে দুই বছৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰ টকা জৰিমনা বিহা হয়। তদুপৰি, জৰিমনা আদায় নিদিলে প্ৰতিটো জৰিমনাৰ বিপৰীতে অতিৰিক্ত ৭ দিনৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে।

ইপিনে, গোচৰটোৰ আনজন অভিযুক্ত আনিচুৰ হকক আদালতে দোষ মুক্ত ঘোষণা কৰে। গোচৰটোত ৭ গৰাকী অভিযুক্তৰে দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান হোৱাত আটাইয়ে এমাহৰ জামিন লাভ কৰে। অভিযুক্তৰ অধিবক্তাই জনোৱা মতে পৰৱৰ্তী সময়ত তেওঁলোকৰ এই ৰায়দানৰ বিৰুদ্ধে জিলা ছেচন আদালতত আবেদন কৰিব।