NORTHEAST NOW (Assamese)

গ্ৰাম স্বৰাজ অভিযানৰ অধীনত মাজুলীত আয়ুস্মান ভাৰত দিৱস উদযাপন

April 30, 2018 9:15 pm · মিটু খাটনিয়াৰ

ৰাষ্ট্ৰজোৰা গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী জিলাৰ প্ৰতিখন গাঁও পঞ্চায়ততে আজি ‘আয়ুস্মান ভাৰত দিৱস’ উদযাপন কৰা হয়।

ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নয়াবজাৰৰ উজনি মাজুলী মিলন সংঘ ৰংগমঞ্চত আজি আয়োজিত এই দিৱসৰ জিলাস্তৰীয় কেন্দ্ৰীয় অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথি আৰু মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

সাংসদ বৰুৱাই ৰাইজক সম্বোধি দিয়া ভাষণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দুখীয়া জনসাধাৰণক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে শেহতীয়াকৈ হাতত লোৱা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি মাজুলীৰ গ্ৰামাঞ্চলবাসীকো এই অভিলাষী স্বাস্থ্য আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, মাজুলীৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ডা: জোনালী গগৈ, সহকাৰী আয়ুক্ত অচ্যুৎ বৰুৱা, মিছিং স্বায়ত্ব পৰিষদৰ সদস্য নীলকান্ত পেগু, মাজুলী জিলা স্বাস্থ্য বিভাগৰ তত্বৱধায়ক ডা: শশীধৰ ফুকন, কমলাবাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা০ ধ্ৰুৱজ্যোতি শইকীয়াকে দৰি কেইবাগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মী, আশাকৰ্মী-সহায়িকা, পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বহুসংখ্যক লোকে ভাগ লয়।

উল্লেখযোগ্য যে আজি জিলাখনৰ মাজুলী আৰু উজনি মাজুলী উন্নয়নখণ্ডৰ অধীনৰ ২০ খন গাঁও পঞ্চায়তৰ প্ৰতিখনতে আয়ুস্মান ভাৰত দিৱস পালন কৰি গ্ৰামাঞ্চলৰ দৰিদ্ৰ, উপান্ত আৰু অভাৱগ্ৰস্ত লোকসকলৰ বিনামূলীয়া চিকিৎসাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু অৰ্থ-সাহাৰ্য আদি স্বাস্থ্য বিষয়ক আন সা-সুবিধাৰ সমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়।

Related News