• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰুৱা খেলপথাৰত ইষ্ট বেংগলৰ সৈতে পইণ্ট ভগাই ল’লে আইজল এফ চিয়ে

সংযুৱালা মাৰ by সংযুৱালা মাৰ
January 16, 2018 7:40 pm
প্ৰতিনিধিত্বমূলক ফট’

প্ৰতিনিধিত্বমূলক ফট’

308
VIEWS
Share on FacebookShare on Twitter
আজি আইজলত প্ৰতিদ্বন্দ্বী ইষ্ট বেংগলৰ সৈতে গ’লশূন্য ড্ৰ খেলখনে আইজল এফ চিক আই লীগ তালিকাৰ চতুৰ্থ স্থানত উপনীত কৰোৱালে।

আইজলৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ইষ্ট বেংগলে এক পইণ্ট পাবলৈ সক্ষম হয়। আজিৰ খেলখনৰ প্ৰথমাৰ্ধত ঘৰুৱা দলটোৱে বহুকেইটা সুযোগ নষ্ট কৰে। এই ড্ৰই ইষ্ট বেংগলৰ প্ৰশিক্ষক খালিদ জামিলক বিব্ৰত কৰিলেও পৰিসংখ্যা অনুযা্য়ী খেলখনত আইজল এফ চিয়েই আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও দলটোৰ ভাগ্য আজি সুপ্ৰসন্ন নাছিল।

ইষ্ট বেংগলৰ গ’ল খুটাৰ বাহিৰলৈ গুচি যোৱা আইজল এফ চিৰ অধিনায়ক আল্ফ্ৰেদ যাৰয়ানৰ নিম্ন উচ্চতাৰ এটা শক্তিশালী শ্বটৰ যোগেদি আজিৰ খেলখনৰ ১১ মিনিটতে কলিকতীয়া দলটোক ঘৰুৱা দলটোৱে ভয় খুৱাবলৈ সক্ষম হৈছিল।

প্ৰথমাৰ্ধত আধিপত্য বজাই ৰাখিও ঘৰুৱা দলটোৱে সফলতা লাভ কৰিবলৈ সক্ষম ন্হ’ল। ৩৬ মিনিটত যাৰয়ানে লোৱা অন্য এটা শ্বট ইষ্ট বেংগলৰ গ’লৰক্ষক লুই বেৰেট’ই ওফৰাই পেলাবলৈ সক্ষম হয়।

সেইদৰে খেলখনৰ ৪২ মিনিটত আইজল এফ চিয়ে অন্য এক সুযোগ পাইছিল যদিও দ’দ’জে লোৱা শ্বট গ’ল খুটিৰ ওপৰেৰে পাৰ হৈ যায়।

আনহাতে খেলৰ দ্বিতীয়াৰ্ধত ইষ্ট বেংগলৰ জাপানী মিডফিল্ডাৰজনে আইজলৰ ডিফেণ্ডাৰসকলক তীব্ৰ চাপত পেলাবলৈ সক্ষম হয়। ৫৪ মিনিটত তেওঁ লোৱা ফ্ৰী কিকটো গ’ল খুটাত লাগি উভটি আহে।

হাতত আৰু দুখন খেল থকা অৱস্থাত এই ড্ৰৰ যোগেদি আইজল এফ চিয়ে ইষ্ট বেংগলৰ সৈতে যুটীয়াভাৱে আই লীগ পইণ্ট তালিকাৰ চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল।

আইজল এফ চিৰ গ’লৰক্ষক অভিলাষ পলক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ ঘোষণা কৰা হয়।

Recent News

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

পুৱা উঠাৰ লগে লগে মূৰৰ বিষ! সম্ভাৱ্য কাৰণ আৰু নিৰাময় সন্দৰ্ভত কি কয় বিশেষজ্ঞই?

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd