চাইবাৰ জগতত অস্তিত্বহীন অসমৰ বিত্ত বিভাগ

অসমৰ বিত্ত বিভাগৰ ৱে'বছাইট

এন আৰ চিৰ সৈতে সমগ্ৰ ৰাজ্য ব্যস্ত থকাৰ সময়তে চাইবাৰ জগতত অস্তিত্বহীন হৈ পৰিছে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিত্ত বিভাগ।

ৰাজ্যখনৰ ৰাজহাঁড় আৰু সকলো ক্ষেত্ৰৰে উন্নতি নিৰ্ভৰ কৰা বিত্ত বিভাগ হঠাতে চাইবাৰ জগতৰ পৰা অন্তৰ্ধান হৈছে।

বিত্ত বিভাগৰ ৱে’বছাইট https://www.finance.assam.gov.in/ চাব খুজিলে প্ৰদৰ্শিত হোৱা স্ক্ৰীনে গভীৰ চিন্তাৰ উদ্ৰেগ ঘটাইছে।

ৱে’বছাইটটো চাব খুজিলে ‘Your connection is not private; attackers might be trying to steal your information from www.finance.assam.gov.in‘ বুলি প্ৰদৰ্শিত হয়।

এইটো কাৰিকৰী কাৰণত হৈছে নে ৱে’বছাইটটো কোনোবাই হেক কৰিছে জানিব পৰা হোৱা নাই। যি কোনো ৱে’বছাইটৰ সুৰক্ষাজনিত নিশ্চিতি দিয়া এছ এছ এল চাৰ্টিফিকেচনো ‘cancelled’ বা ‘expired’ বুলি প্ৰদৰ্শিত হৈছে।

ৱে’বছাইটটো চাব খুজিলে প্ৰদৰ্শিত ‘attackers might be trying to steal your information for passwords, messages or credit cards…,’ বাৰ্তাই নিঃসন্দেহে অসমৰ প্ৰত্যেকজন নাগৰিকক চিন্তাত পেলাব। কাৰণ সমগ্ৰ ৰাজ্যখনৰ পৰিচালনা বিত্ত বিভাগৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।

অসম চৰকাৰৰ বিত্ত বিভাগৰ ৱে’বছাইটটো এন আই চিয়ে (National Informatics Centre) চোৱা-চিতা কৰে। ৰাজ্য চৰকাৰে এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি জাৰি কৰা নাই। ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান চলি থকাৰ সময়তে এই গুৰুত্বপূৰ্ণ বিষয়টো ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগৰ দৃষ্টি গোচৰ নোহোৱাটো আশ্চৰ্যজনক।

বহুবাৰ চেষ্টা কৰাৰ পিছতো এই সন্দৰ্ভত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ মন্তব্য জানিব পৰা হোৱা নাই।