চামগুৰিত আৰক্ষীৰ অভিযানত জব্দ অৰ্ধ লক্ষাধিক টকাৰ বিলাতী সুৰা

b07fe130-67c1-41b1-80c5-e667a9e147c9

ৰাজ্যত বিয়াগোম আবকাৰী বিভাগ থকাৰ পিছতো নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত চামগুৰি আৰক্ষীয়ে চলাব লগীয়া হৈছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। চামগুৰি অঞ্চলত আৰক্ষীয়ে বাৰে বাৰে  অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হোৱা ঘটনাই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে যোৱা দুদিনত চামগুৰি আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে কেইবা ঠাইতো তীব্ৰ অভিযান চলাই প্ৰায় অৰ্ধ লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় যদিও অসাধু সুৰা ব্যৱসায়ী কেইজন আৰক্ষীৰ অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় ।

চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰ্মনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে চামগুৰি তিনি আলিৰ জয়ন্ত নামৰ লোকজনৰ গেলামাল দোকানত অভিযান চলাই মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ অবৈধ  বিলাতী সুৰা আৰু বিয়েৰ জব্দ কৰে।

ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে তেলিয়া গাঁৱৰ বাবুল নামৰ লোকজনৰ দোকানত অভিযান চলাই বহু পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। পৰবৰ্তী সময়ত অভিযানকাৰী দলটোৱে পুৰণিগুদামৰ এখন দোকানত অভিযান চলাই তাতেও অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় যদিও সুৰা ব্যৱসায়ী কেইজনে আগতীয়াকৈ আৰক্ষীৰ অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।