NORTHEAST NOW (Assamese)

চামগুৰিত পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অসমীয়া সুৱদি গীতৰ কৰ্মশালা

July 5, 2018 8:50 pm · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অসমীয়া সুৱদি গীত নামৰ এক কৰ্মশালাৰ শুভাৰম্ভণি হয়।

ছাত্ৰ -ছাত্ৰী সকলক সংগীতৰ প্ৰতি আগ্ৰহী কৰিবলৈ চামগুৰিস্থিত কলাগুৰু সংগীত বিদ্যালয়ে আয়োজন কৰা এই কৰ্মশালাখনৰ আজি পুৱা প্ৰায় ৮.৩০ মান বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰে সংগীত বিদ্যালয়খনিৰ সভাপতি প্ৰদীপ কুমাৰ  দাসে।

ইয়াৰ পাছতে ছাত্ৰ -ছাত্ৰী সকলৰ নাম পঞ্জীয়ন ব্যৱস্থা আৰম্ভ হয়। পৰৱৰ্তী সময়ত কন্ঠ  শিল্পী যজ্ঞ বেজবৰুৱাই পঞ্জীয়নভুক্ত প্ৰশিক্ষাৰ্থী সকলক সুৱদি গীতৰ প্ৰশিক্ষণ দিয়ে।

৫ জুলাইৰ পৰা ৯ জুলাইলৈকে অনুষ্ঠিত হ’বলগীয়া অসমীয়া সুৱদি গীতৰ কৰ্মশালাত কন্ঠ শিল্পী অনিমা চৌধুৰী আৰু ৰূপম ভূঞা প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব বুলি কলাগুৰু সংগীত বিদ্যালয়ৰ সভাপতি প্ৰদীপ কুমাৰ  দাস আৰু সম্পাদক নীলোৎপল গায়নে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related News