বাক্সা জিলাৰ তামুলপুৰ বন সংমণ্ডলৰ অধীনৰ ভাৰত-ভুটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱে গঞা ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।
ভাৰত-ভুটান সীমান্তত হোৱা অবাধ বনাঞ্চল ধ্বংস যজ্ঞৰ ফলত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ জাকে বিগত কেইবাবছৰ ধৰি বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত উপদ্ৰৱ চলাই বহু লোকক হত্যা কৰাৰ লগতে বহু কেইটা বনৰীয়া হাতীৰো মৃত্যু ঘটিছে।
যোৱা নিশা বনৰীয়া হাতীৰ এটা জাকে কেইবাটাও সৰু সৰু ভাগত বিভক্ত হৈ নাগ্ৰীজুলি চাহ বাগিচা আৰু ২নং দোঙৰগাঁৱৰ গগন চকত প্ৰৱেশ কৰে।
হাতীৰ এটা জাকে নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনৰ বিৰছী মুণ্ডা, ৮নং শ্ৰমিক লাইনৰ অপূৰ্ব, অমৃত বাগ, অলবিছ আৰু দিলকুমাৰ নামৰ লোককেইজনৰ ঘৰ-দুৱাৰ ভাঙি ঘৰৰ ভিতৰত থকা বহু পৰিমাণৰ ধান, চাউল, আটা আদি খাই তহিলং কৰে।
আনহাতে হাতীৰ আন এটা যাকে ২নং দোংৰগাঁৱৰ গগন চকত সোমাই সন্তোষ ৰায় আৰু বৈস্তৱ ৰায়ৰ দোকান ভাঙি দোকানৰ ভিতৰৰ বয়-বস্তু খোৱাৰ উপৰি উত্তম বিশ্বাস আৰু গুদুম মুণ্ডাৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালৰ লোকসকলে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
আজিও বনৰীয়া হাতীৰ বৃহৎ জাক এটাই পোৱালিসহ নাগ্ৰীজুলি চাহ বাগিচাত বিচৰণ কৰি থকাত নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ সন্ত্ৰস্ত হৈ পৰিছে।
সন্ধিয়া হলে কোন মুহূৰ্তত বনৰীয়া হাতীৰ জাক কত সোমাই অতৰ্কিতে আক্ৰমণ চলাই তাৰ কোনো নিশ্চয়তা নোহোৱাৰ আতংকত ভোগা ৰাইজে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগৰ লোকক দাবী জনাইছে।