চামগুৰিত সংঘটিত পৃথক পথ দুৰ্ঘটনাত দুজন নিহত; এজন আহত

ৰাজ্যখনৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সঘনাই সংঘটিত পথ দুৰ্ঘটনাই বহু পৰিয়াললৈ অমানিশা মাতি অনাৰ সময়তে আজি নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটা আৰু ভেলেউগুৰিত সংঘটিত হোৱা দুটা পৃথক পথ  দুৰ্ঘটনাত দুজনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে এগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক গুৱাহাটী জি আন চিত বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে আজি দুপৰীয়া ভেলেউগুৰি পহুকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চামগুৰিৰ পৰা নগাঁও অভিমুখী এ এছ ০২ বি চি ১৭৮৪ নম্বৰৰ যাত্ৰীবাহী টাটা মেজিক গাড়ীখনৰ পিছফালে একে দিশৰ পৰা পুৰণিগুদাম অভিমুখী এ এছ ০২ এছ ৬৯৯৯ নম্বৰৰ এখন বুলেটে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। ফলত মটৰচাইকেলত অহা দুই যুৱক গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত দুই যুৱককে উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। কিন্তু গুৱাহাটীলৈ নিয়া অৱস্থাতে ইয়াৰে এজন যুৱকৰ পথতে মৃত্যু হয়।

দুৰ্ঘটনাটোত নিহত যুৱকজনক মিকিৰহাট হাতীগাঁৱৰ নিৱাসী ভদেশ্বৰ বৰাৰ পুত্ৰ জাহ্নু জ্যোতি বৰা(১৯) বুলি চিনাক্ত কৰা হৈছে লগতে আনজন দুৰ্ঘটনাত আহত যুৱক পুৰণিগুদাম আলিছিগাৰ নিৱাসী পুলিন বৰাৰ পুত্ৰ দেৱাশীষ বৰা(১৯) বুলি জানিব পৰা গৈছে।

ইফালে শনিবাৰে নিশা ভেলেউগুৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নগাঁৱৰ পৰা উজনি অভিমুখী এ এছ ০১ এইচ চি ৩২২০ নম্বৰৰ বলেৰ’খনে এজন চাইকেল আৰোহীক খুন্দা মাৰে। ফলত বাজিয়া গাঁৱৰ নিৱাসী আমীৰ হুছেইনৰ পুত্ৰ আছাদ আলী(৩০) নামৰ চাইকেল আৰোহীজন গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকজনক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

কিন্তু দুৰ্ভাগ্যবশত আজি পুৱা প্ৰায় ৫ বজাত গুৱাহাটী চিকিৎসালয়ত আছাদ আলীয়ে মৃত্যুক সাবটি লয়।