চামগুৰিৰ মোৱামাৰিত আৰক্ষী চকী-মডেল চিকিৎসালয় লণ্ডভণ্ড একাংশ দুষ্কৃতিকাৰীৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰমাবিলত বুধবাৰে সন্ধিয়া সংঘটিত এক সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুইফৈদৰ মাজত মাৰপিট কাণ্ড সংঘটিত হৈছিল।

আনকি নিশালৈ মোৱামাৰি আৰক্ষী চকী আৰু মোৱামাৰি মডেল হস্পিতালত এদল দুষ্কৃতিকাৰী প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে দৰ্জা খিৰিকী, চুইচ ব’ৰ্ড আদি সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে বুধবাৰে সন্ধিয়া বৰমাবিলৰ নিবাসী আবু হানিফে নিজৰ এ এছ ১২-৪৯২০ নম্বৰৰ মটৰচাইকেলেৰে মোৱামাৰি লৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা ছাবিৰ আহমেদৰ মটৰচাইকেলৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত ছাবিৰৰ মটৰচাইকেলৰ পিছফালৰ লাইটো ভাঙি যায় আৰু ইয়াকে লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি লাগে যাৰ ফলত হানিফে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পিছত ছাবিৰে হানিফৰ মটৰচাইকেলখন মোৱামাৰি আৰক্ষী চকীলৈ লৈ আনে।

ইফালে পৰৱৰ্তী সময়ত মোৱামাৰিত আবু হানিফৰ পাৰ্টিৰ ছাদাম আলীয়ে ছাবিৰৰ পাৰ্টিৰ আব্দুল গফুৰক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। আনহাতে সেই সময়তে আবু হানিফৰ সম্পৰ্কীয় লোক ক্ৰমে আব্দুল বাৰেক আৰু ইমাম আলী মোৱামাৰি আৰক্ষী চকীলৈ যোৱাত ছাবিৰৰ ফৈদে দেখা পাই আৰক্ষী চকীত উপস্থিত হৈ দুয়োজনকে আৰক্ষীক উলিয়াই দিবলৈ দাবী জনায়।

কিন্তু আৰক্ষীয়ে এই দাবী মানি নোলোৱাত ছাবিৰৰ ফৈদে আৰক্ষী চকীখনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে। ফলত এই কাৰ্য সংঘটিত কৰিবলৈ যাওঁতেই কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত কাষতে থকা মোৱামাৰি মডেল হস্পিতালত ভৰ্তি কৰোৱা হয়।

মন কৰিব লগীয়া যে হস্পিতালখনৰ চিকিৎসক গৰাকীয়ে সেই সময়ত বেলেগ ৰোগীক চিকিৎসা প্ৰদান কৰি থকাত কিছু পলম হোৱাত ছাবিৰৰ ফৈদৰ দুষ্কৃতিকাৰী সকলে এইবাৰ হস্পিতালৰ দৰ্জা খিৰিকীৰ গ্লাচ ভঙাৰ উপৰি এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

অৱশ্যে পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে হস্পিতালখনৰ কৰ্মৰত ডাঃ এমদাদুল ইছলাম আৰু মোৱামাৰি আৰক্ষী চকীৰ চন্তৰী বিজু কুমাৰ দাসে দিয়া এজাহাৰ দুখনত ছাবিৰ আহমেদ, ওমৰ আলী, ফাৰুক উদ্দিন আৰু বিল্লাল উদ্দিনক অপৰাধী হিচাপে উল্লেখ কৰিছে।

আনহাতে সংঘৰ্ষত লিপ্ত দুই ফৈদে পৃথকে পৃথকে দুখনকৈ এজাহাৰ মোৱামাৰি আৰক্ষী চকীত  দাখিল কৰা বুলি জানিব পৰা গৈছে। ইফালে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।