• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ! বংগত ধ্বংস বহু গছ-ঘৰ; অসমৰ ৭খন জিলাতো ধুমুহা-বৰষুণৰ আগজাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2024 9:20 am
কলকাতাত ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। ফটোঃ সংগ্ৰহীত।

কলকাতাত ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (IMD) প্ৰকাশ কৰা অনুসৰি দেওবাৰে নিশা পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলৰ মাজত স্থলপথত প্ৰৱেশ কৰা ঘূৰ্ণীবতাহ ৰেমাল সোমবাৰে ক্ৰমান্বয়ে দুৰ্বল হৈ ঘূৰ্ণীবতাহ সৃষ্ট ধুমুহালৈ পৰিণত হ’ব। কিন্তু পশ্চিম বংগত গছ-গছনি উভালি, ঘৰ-দুৱাৰ ভাঙি, বাটত থকা বিদ্যুতৰ খুঁটা উভালি পেলাই ধ্বংসৰ ৰেশ এৰি থৈ গৈছে।

বাতৰি অনুসৰি, ঘূৰ্ণীবতাহৰ ফলত কলকাতাত ঘৰৰ পিৰালি ভাঙি এজন লোকৰ মৃত্যু হৈছে। সুন্দৰবনৰ গোছাবা অঞ্চলত ধ্বংসাৱশেষৰ খুন্দাত এজন লোক আহত হোৱাৰ বিপৰীতে কলকাতাৰ বিবীৰ বাগান এলেকাত দেৱাল ভাঙি আন এজন ব্যক্তি আহত হোৱা বুলি জানিব পৰা গৈছে।

কৰ্তৃপক্ষই পশ্চিম বংগৰ দুৰ্যোগপূৰ্ণ অঞ্চলৰ পৰা ১ লাখৰো অধিক লোকক উলিয়াই আনিছে।

Apply Now

দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত ৰাজ্যখনৰ সাগৰ দ্বীপ আৰু বাংলাদেশৰ খেপুপাৰাৰ মাজত ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত হয়।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বৃদ্ধি পালে সেনাধ্যক্ষ মনোজ পাণ্ডেৰ কাৰ্যকাল

আইএমডিৰ শেহতীয়া বুলেটিন অনুসৰি, ঘূৰ্ণীবতাহ ৰেমাল “অহা তিনি ঘণ্টাৰ ভিতৰত উত্তৰ-উত্তৰ-পূব দিশলৈ গতি কৰি ক্ৰমান্বয়ে ঘূৰ্ণীবতাহ সৃষ্ট ধুমুহালৈ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে”। ইয়াৰ পিছত ই উত্তৰ-পূব দিশলৈ আগবাঢ়িব আৰু ক্ৰমান্বয়ে আৰু দুৰ্বল হ’ব বুলিও টুইটযোগে প্ৰকাশ কৰা হৈছে।

অসমৰ সাতখন জিলাত প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে, আৰু ১১খন জিলাত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে, কিয়নো সোমবাৰে ৰেমাল ঘূৰ্ণীবতাহ উত্তৰ-পূব দিশলৈ গতি কৰাৰ লগতে ক্ৰমান্বয়ে ঘূৰ্ণীবতাহৰ সৃষ্ট ধুমুহালৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে।

সোমবাৰ আৰু মঙলবাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ওপৰত ব্যাপক বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰা হৈছে। আনহাতে, আজি দক্ষিণ অসম আৰু মেঘালয়ৰ ওপৰেৰে ঘণ্টাত ৪০-৫০ কিলোমিটাৰৰ পৰা ৬০ কিলোমিটাৰ বেগত ধুমুহা বতাহৰ সম্ভাৱনা আছে।

সোমবাৰে পুৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কয় যে তেওঁলোকে “ঘূৰ্ণীবতাহ ৰেমালৰ স্থলভাগৰ ওপৰত প্ৰভাৱৰ পিছৰ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ দুৰ্যোগ সঁহাৰি দল, জাহাজ, হ’ভাৰক্ৰাফ্ট ষ্টেণ্ডবাইৰ সৈতে নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে”।

লগতে পঢ়কঃ IPL 2024 Final: ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

ইপিনে, বাংলাদেশত দেশৰ দক্ষিণ-পশ্চিম উপকূলৰ নিম্নভূমি অঞ্চলৰ পৰা ৮ লাখৰো অধিক লোকক খালী কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, পটুৱাখালিত জোৱাৰ-ভাটাই এজন লোক উটুৱাই নিয়াৰ লগতে কেইবাজনো লোক আহত হয়।

বাংলাদেশৰ উপকূলীয় জিলাসমূহ যিবোৰ বৰ্তমান ঘূৰ্ণীবতাহৰ ভাবুকিৰ সন্মুখীন হৈছে, সেইবোৰ হ’ল খুলনা, সাতখিৰা, বাগেৰহাট, পিৰোজপুৰ, ঝালাকাঠি, বৰগুনা, বৰিশাল, ভোলা, পতুৱাখালি, চট্টগং, কক্স বজাৰ, ফেনী, কোমিলা, নোয়াখালি, লক্ষ্মীপুৰ আৰু চান্দপুৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd