• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL 2024 Final: হায়দৰাবাদৰ পৰাজয়ৰ পিছত কান্দিয়েই পেলালে কাব্যই; ভিডিঅ’ দেখি চকু সেমেকিল নেটিজেনৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2024 10:12 am
6.1k
VIEWS
Share on FacebookShare on Twitter

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সুন্দৰী স্বত্তাধিকাৰী কাব্য মাৰাণে শেষত চকুপানী ধৰি ৰাখিব নোৱাৰিলে। শিশুৰ দৰে মুকলিকৈ কান্দিয়েই পেলালে। দ্বিতীয় কোৱালিফায়াৰৰ পিছত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক কন্দা দেখি সান্ত্বনা দিয়া কাব্যই নিজেই দেওবাৰে আৱেগ ধৰি ৰাখিব নোৱাৰিলে।

দেওবাৰে আন দিনৰ দৰেই চিপকত দুচকুত সপোন লৈ কাব্য উপস্থিত হয়। ২০১৬ চনৰ পিছত পুনৰ আই পি এলৰ ট্ৰফী জয় কৰাৰ সপোন দেখিছিল। ২০১৮ চনতো ছানৰাইজাৰ্ছে ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু তেওঁলোকে সেইবাৰ ৰানাৰ্ছআপ হৈয়ে সন্তুষ্ট হ’ব লগা হৈছিল।

অৱশ্যে এইবাৰ কাব্যকে ধৰি ছানৰাইজাৰ্ছৰ অনুৰাগীয়ে বিশ্ব বিজয়ী অধিনায়ক পেট কামিন্সৰ হাতত ধৰি খিতাপ জয় কৰাৰ সপোন দেখিছিল। কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ পৰাক্ৰমত ৫৭টা বল বাকী থকা অৱস্থাতে ৮ উইকেটত পৰাস্ত হয় হায়দৰাবাদ। ভাঙি গ’ল কাব্যৰ সপোন।

লগতে পঢ়কঃ IPL 2024 Final: ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

হায়দৰাবাদৰ হতাশাজনক পৰাজয়ৰ পিছতে দলৰ স্বত্বাধিকাৰী কাব্য মাৰাণে উচুপি কান্দি উঠিল। দুচকুৰ পৰা দুধাৰি চকুলো সৰি পৰা দেখা গ’ল। কাব্যই চকুপানী ৰোধ কৰিব নোৱাৰিলে। চকুলোৰে হাত চাপৰি বজাই কলকাতা নাইট ৰাইডাৰ্ছক সম্ভাষণ জনোৱাৰ সময়ত কাব্যই নিজৰ দলৰ খেলুৱৈৰ সংগ্ৰামৰো প্ৰশংসা কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ হৃদয়স্পৰ্শী ভিডিঅ’। য’ত কাব্য মাৰাণে পিছলৈ ঘূৰি চকুপানী মচি থকা দেখা যায়। ইয়াৰ পিছত তেওঁ জোৰকৈ কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু নোৱাৰিলে। কাব্যই চকুলো ভৰা অৱস্থাৰে হাত চাপৰি বজাই দলটোক উৎসাহিত কৰিবলৈ নাপাহৰিলে। ইয়াকে কোৱা হয় স্প’ৰ্টছমেন স্পিৰিট।

A season to be proud of 🧡#KKRvSRH #IPLonJioCinema #IPLFinalonJioCinema pic.twitter.com/rmgo2nU2JM

— JioCinema (@JioCinema) May 26, 2024

উল্লেখ্য যে যি বিধ্বংসী বেটিং অৰ্ডাৰৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০২৪ আই পি এলত অদমনীয় প্ৰদৰ্শন আগবঢাই আহিছিল, সেই বেটিং অৰ্ডাৰেই  ফাইনেলত ব্যৰ্থ কৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰসকলে প্লে অফৰ দুয়োখন মেচতে হায়দৰাবাদৰ বেটিং অতি সাধাৰণ স্তৰলৈ অৱনমিত কৰি তোলে।

Will never forgive KKR for making Kavya Maran Cry 💔

pic.twitter.com/wbswAh0Vrn

— Mohit (@mohit12j) May 26, 2024

কোৱালিফায়াৰ ৱানৰ পিছত আই পি এলৰ অন্তিমখন খেলত হায়দৰাবাদৰ বেটছমেনসকলক কন্দুৱাইহে এৰিলে মিচেল ষ্টাৰ্ক, আন্দ্ৰে ৰাছেল বাহিনীয়ে। দেওবাৰে কেকেআৰৰ বলাৰৰ পৰাক্ৰমত ১৮.৩ অভাৰত মাত্ৰ ১১৩ ৰান সংগ্ৰহ কৰি অল আউট হয় ছানৰাইজাৰ্ছে। এইটোৱেই হৈছে আই পি এলৰ ফাইনেলৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ। 

Recent News

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd